কলগাছিয়া, সংবাদ ৩৬৫, ২৮ জুলাই : বেঁকী নৈৰ বানপানী কমিছে যদিও কমা নাই বানপানীৰ বিভীষিকা। কালৰূপী বেঁকী নৈৰ বানপানীত হেজাৰ হেজাৰ লোক আক্ৰান্ত হৈছে। কিন্তু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁওত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত।

বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্য্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ চাউল, ডালি, নিমখ আৰু পশু খাদ্য। পোৱা নাই চিকিৎসা, পোৱা নাই বিশুদ্ধ খোৱা পানী। পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা। সম্প্ৰতি এই পৰিয়াল কেইটা অনাহাৰে পশুধনৰ সৈতে সহৱস্থান কৰিব লগা হৈছে।

ইফালে প্ৰশাসনক অৱগত কৰাৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে আজি এই শিবিৰত থকা বৰ্ণাত্যই বান সাহাৰ্য্যৰ দাবীত হাতত থাল, গিলাচ, বাচন-বৰ্তন লৈ পানীত নামি প্ৰতিবাদ সাব্যস্থ কৰে। তেওঁলোকে চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু কলগাছিয়া ৰাজহ চক্ৰ বিষয়ৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে। এই দুৰ্ভগীয়া বৰ্ণাত্যই চৰকাৰৰ পৰিৱৰ্তে বিভিন্ন বেচৰকাৰী সংগঠনৰ সহায় বিচাৰিছে।