গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুলাই : গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰ ওচৰত ‘দা চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্টছ এক্ট’- ২০০৩ উলংঘা কৰি ব্যৱস্যায়িক সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ ভয়াবহ তথ্য পোহৰলৈ আহিছে। কনজিউমাৰছ লিগল প্ৰটেকশ্বন ফ’ৰামৰ তত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ ৯ জনীয়া শিক্ষাৰ্থীৰ দল এটাই গুৱাহাটী মহানগৰীত চলোৱা মাহজোৰা সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধ্যয়নকাৰী দলটোৱে গুৱাহাটী মহানগৰীৰ ৩৬টা ৱাৰ্ডৰ ২৩৩ খন শিক্ষানুষ্ঠানক সামৰি এই ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায়। অধ্যয়নকাৰী দলটোৱে শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ‌ব্যাসৰ্দ্ধত ধঁপাতযুক্ত সামগ্ৰীৰ ‘বিক্ৰী আৰু বিজ্ঞাপন’ সন্দৰ্ভত অধ্যয়ন চলাইছিল। অধ্যয়নৰ তথ্য মতে গুৱাহাটীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধঁপাত আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে। ইয়াৰে ৪৫.৪০% দোকানীয়ে ধঁপাতৰ লগত মৰ্টন- চকলেট আৰু চিপছ বিক্ৰী কৰে। শিক্ষানুষ্ঠানৰ ওচৰত থকা ৪৮.৯৩ % দোকানতে ধঁপাত আৰু ধঁপাতযুক্ত সামগ্ৰীৰ বিজ্ঞাপন আছে।

অধ্যয়নত প্ৰকাশ পোৱা মতে শিক্ষানুষ্ঠানৰ ওচৰত থকা ৫৬.৮০ শতাংশ দোকানত মুকলি ভাৱে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ধঁপাতযুক্ত সামগ্ৰী ৰাখি থয়। শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধত বিক্ৰী কৰা ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ মুল গ্ৰাহক হল ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰিয়ে এই সমূহ বিক্ৰী কৰা হয়।

উল্লেখযোগ্য যে ২০০৩ চনৰ ধঁপাত সম্পৰ্কীয় আইন মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো ধৰণৰ ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। লগতে এই সামগ্ৰীসমূহৰ বিজ্ঞাপনো দিব নোৱাৰে। এই নিয়ম ভংগ কৰা সকল আইন মতে দণ্ডনীয়। এই আইন ভংগ কৰা সকলৰ ২বছৰৰ পৰা ৫বছৰলৈ কাৰাবন্দী হব লগত ১০০০ ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই অধ্যয়নকাৰী দলটোৰ চন্দ্ৰজ্যোতি মিশ্ৰ, মণিকৰ্ণিকা দত্ত, প্ৰিয়ংকা চেতিয়া, প্ৰিয়াংকি গগৈ, ৰানীশ্ৰী মৰাণ, ৰিকি বৰা, চাৰকিৰি ৰংপি, চিমৰণ সাহা, চৰনামিকা চৌধুৰী আছিল। উল্লেখযোগ্য যে শিক্ষানুষ্ঠানৰ ওচৰত ধপাঁত বিক্ৰী আৰু বিজ্ঞাপন নিষিদ্ধ যদিও প্ৰশাসনৰ চকুৰ সন্মুখতে মুকলি ভাবে উলংঘা হৈ আছে আইন।