মুৰফুলনি, ২৮ নৱেম্বৰ: গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত মুৰফুলনি সমীপৰ ফলঙনিত যোৱা নিশা বন্যহস্তীয়ে গোটেই ৰাতি উপদ্ৰৱ চলাই তাণ্ডৱৰ সৃষ্টি কৰে। জানিব পৰা মতে, কালি আবেলি ৪ মান বজাতেই বিজুলী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫০-৬০ জনীয়া এজাক বন্যহস্তীয়ে ফলঙনি অঞ্চলত সোমায়। তাৰ পাছতেই আৰম্ভ হয় এক যুদ্ধংদেহী পৰিৱেশ। কিয়নো এখন বাঁহনিৰ মাজত হাতীৰ জাকটোৱে অৱস্থান কৰাৰ পাছতে স্থানীয় লোকসকলে হাতে হাতে দা-যাঠি, ব’ম-ফটকা, কেটেপা লৈ হাতী খেদাৰ চেষ্টা কৰে। প্ৰায় দুঘণ্টাৰ অন্তত হাতীৰ জাকটোক খেদিবলৈ সক্ষম হয় যদিও এখন পথাৰত নামি পকা ধাননি সম্পূৰ্ণৰূপে তহিলং কৰি থৈ যায়। পৰিতাপৰ বিষয় যে, সন্ধ্যা ৬ মান বজাৰ পৰা মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াগৰাকীক ৰাইজে যোগাযোগ কৰিছিল যদিও নানান অজুহাত দেখুৱাই সহায় কৰিবলৈ নাহিল বনবিভাগৰ কোনো এজন বনকৰ্মী। তাৰ পৰিণতিতে পুৱা ৬ মান বজালৈ বিস্তৃত অঞ্চলৰ ধাননিপথাৰৰ ধান খাই নামবৰ বনাঞ্চল দিশে ওলাই যায় হাতীৰ জাকটো। আনহাতে, নামবৰ দিশে যোৱাৰ সময়তে নাহৰবাৰীৰ বাউনী ওৰফে বীণা গগৈ(৪২) নামৰ মহিলাগৰাকীৰ কথমপি প্ৰাণৰক্ষা পৰে। প্ৰাপ্ত খবৰ অনুসৰি, হাতীৰ জাকটো চাবলৈ যাওঁতেই মহিলাগৰাকীক হাতীয়ে খেদি যায়। ভাগ্যক্ৰমে মহিলাগৰাকীয়ে এটা নলাত সোমাইহে জীৱন ৰক্ষা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত দুমাহ ধৰি মৰঙি মৌজাটোত অহৰহ বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনবিভাগৰ কোনো লোক উপস্থিত নহয় অঞ্চলসমূহত। বিভিন্ন দল-সংগঠনে গোলাঘাট জিলাৰ উপায়ুক্ত গৰাকীক স্মাৰকপত্ৰ প্ৰেৰণ কৰি অহাৰ পাছতো কোনো সুদোত্তৰ পুৱা নাই ভুক্তভোগী কৃষক ৰাইজ সকলে। সেয়েহে ৰাজ্যৰ বিয়াগোম বনবিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক বিষয়টো দৃষ্টিগোচৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কঠোৰভাৱে দাবী জনাইছে মৌজাবাসীয়ে।