আব্দুল হক

নগৰবেৰা : দক্ষিণ বৰপেটাৰ চৰাঞ্চলত বন বিভাগৰ অভিযান। বাঘবৰ আৰু চেঙাৰ চৰাঞ্চলত চলিল বন বিভাগৰ অভিযান। উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন বিষয়াৰ নেতৃত্বত চলে এই অভিযান। প্ৰায় ৫০ জনীয়া বনকৰ্মীৰ এটা দলে চলায় এই অভিযান। চাৰিটাকৈ অবৈধ কাঠফলা মিল উৎখাত।

অভিযানত বন বিভাগৰ দলটোৱে চাৰিটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ। বন বিভাগৰ দলটো কেইবাটাও ভাগত বিভক্ত হৈ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে।চাঞ্চলত অভিযান চলায়। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দক্ষিণ বৰপেটাৰ চৰাঞ্চলত এটা চক্ৰই অবৈধ চোৰাং কাঠৰ ব্যৱসায় চলাই আছে।

শনিবাৰে বৰপেটা জিলাৰ চেঙাৰ কাৰাইখাইতি, খাটিয়ামাৰী আৰু খামখেয়ালী অঞ্চলত জিলা বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলায়। অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ কাৰাইখাইতিত দুটা, খাটিয়ামাৰীত এটা আৰু খামখেয়ালীত এটা কাঠফলা মিল উৎখাত কৰে।