আজিজুল হক

বৰপেটা : বৰপেটা জিলাৰ ভেল্লাত গঠন কৰা হ’ল বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাব। সক্ৰিয় সাংবাদিক আজিজুল হকক সভাপতি, মৌচম নাজিমক সাধাৰণ সম্পাদক আৰু চাইজুৰ ৰহমানক সম্পাদক হিচাপে মনোনীত কৰি প্ৰায় ২১ জনীয়া সদস্যৰে গঠন কৰা হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাব। বৰপেটাৰ ভেল্লা অঞ্চলৰ সাংবাদিক, লেখক, প্ৰৱন্ধকাৰ, সমাজকৰ্মীক লৈ গঠন হয় এই প্ৰেছ ক্লাবটো।

ভেল্লাৰ ৫১৭ নং দ্বৰ্গাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত গঠন হয় ভেল্লা প্ৰেছ ক্লাব। সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা ভেল্লা আঞ্চলিক ইংলিছ স্কুলৰ অধ্যক্ষ আনোৱাৰ হুছেইনে। সমিতিত সেখ ৰহমত উল্লাহ আৰু গীতাঞ্জলি শৰ্মাক উপ সভাপতি, মুকুট আলীক কাৰ্যালয় সম্পাদক, নেকিবুৰ ৰহমানক কোষাধ্যক্ষ, ছফিক আহমেদ , মফিদুল হক, ৰিদুল আলী, অংশুমান শৰ্মাৰ লগতে কেইবাগৰাকী ব্যক্তিক সদস্য হিচাপে লৈ গঠন কৰা হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাব।

উল্লেখযোগ্য যে, সমাজৰ যিকোনো বিপৰ্য্যয়, অভাৱ, অসুবিধা, সমস্যা, অভিযোগ, ব্যক্তি সুচিন্তা, সুকৰ্ম, প্ৰতিভা, সাফল্য আদি ক্ষেত্ৰৰ বাতৰি পৰিবেশন কৰি চৰকাৰ, প্ৰশাসন আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাত ভেল্লা অঞ্চলৰ সাংবাদিকৰ ভূমিকা লেখতলবলগীয়া। এনে ক্ষেত্ৰত নৱগঠিত প্ৰেছ ক্লাবে বৃহত্তৰ ভেল্লা অঞ্চলৰ সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া এটি অভাৱ পূৰণ কৰিলে বুলি সমিতিয়ে মতপোষণ কৰে। ভেল্লা অঞ্চলৰ শৈক্ষিক, বৌদ্ধিক, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্ৰৰ উত্তৰোত্তৰৰ বাবে সামাজিকভাৱে দ্বায়িত্বশীল জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে ভেল্লাৰ সাংবাদিক সকলে নিৰন্তৰ আৰু যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৱ বুলি বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাবৰ সভাপতি আজিজুল হকে কয়।

প্ৰেছ ক্লাব পৰিচালনাৰ এই সমিতিখনত আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদক মূখ্য উপদেষ্টা, ধনী আলীক আইন উপদেষ্টা হিচাপে মনোনীত কৰা হয়। সভাত বৰপেটা জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ জিলা সভাপতি সেখ ৰহমত উল্লাহ, লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মজিবৰ ৰহমান, প্ৰৱন্ধকাৰ দীপক কুমাৰ দাস, ড০ বাণীকান্ত কাকতি সাহিত্য সভাৰ সভাপতি ইউচুফ আলী আহমেদ উপস্থিত থাকে।

লগতে সভাত উদীয়মান সমাজকৰ্মী নেকিবুৰ ৰহমান,
ভেল্লা বজাৰ পৰিচালনা সমিতিৰ অজিত বসাক, বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মা, ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিদুল আলী, পূৱ বৰপেটা মটৰ চালক শ্ৰমিক সন্থাৰ সভাপতি বাবুল আলী, ভেল্লা মদ, জুৱা নিবাৰণী সমিতিৰ খায়ৰত আলী, প্ৰাক্তন আছু নেতা বাহাদুৰ হুছেইন, খন্দকাৰপাৰা সমাজ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক চান মহম্মদৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।