আব্দুল হক

নগৰবেৰা : নগৰবেৰা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান৷ বৃহস্পতিবাৰে বকোৰ সোনতলীত নগৰবেৰা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলায়। বন বিভাগৰ অভিযানত উৎখাত কৰা হয় এটা অবৈধ কাঠফলা মিল৷

বন বিভাগৰ বকো আৰু বন্দাপাৰা বন কৰ্মীৰ সহযোগত আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীয়ে যৌথভাৱে এই অভিযান চলাই অবৈধ কাঠফলা মিল উৎখাত কৰে। দীৰ্ঘদিন ধৰি সোনতলী অঞ্চলত একাংশ অসাধু চোৰাং কাঠ বেপাৰীয়ে চোৰাংকৈ চলাই আছিল এই কাঠফলা মিলটো।

বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিলখনৰ পৰা জব্দ হোৱা বহু কাঠৰ লগতে মিলটোৰ সামগ্ৰীখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয়। উল্লেখ্য যে নগৰবেৰা অঞ্চলত একাংশ চোৰাং কাঠ বেপাৰীয়ে অঞ্চলটোত থকা বনাঞ্চল সমূহৰ গছ কাটি তহিলং কৰিছে।