মানকাচৰ : ব্ৰহ্মপুত্ৰ নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ ৰূপ দেখি ঘৰ এৰি পলায়ন কৰিছে নৈপৰীয়াবাসীয়ে। প্ৰতিদিনে ২০ ৰ পৰা ২৫ টাকৈ পৰিয়ালৰ ঘৰ বিলীন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। চৰকাৰ-প্ৰশাসনৰ ভূমিকাকলৈ ক্ষোভিত নৈপৰীয়াবাসী।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক্ৰমাৎ অধিক ভয়ংকৰ হৈ উঠিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। জিলাখনত এটা বা দুটা নহয়, প্ৰতিদিনে ২০ ৰ পৰা ২৫ টাকৈ পৰিয়ালৰ মাটি-ভেটি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে। কেতিয়া কাৰ আপোন ঘৰখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হ’ব ইয়াৰ কোনো নিশ্চয়তা নাই।

ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ফলত নৈপৰীয়া লোক সকলে স্থানান্তৰ কৰিবলগীয়া হৈছে ঘৰ। বিশেষকৈ জিলাখনৰ মাটিফাটাত, চতলাৰপাৰ আৰু গলাদিগীৰ নৈপৰীয়া অঞ্চলত প্ৰতিদিনে ২০ ৰ পৰা ২৫ টাকৈ পৰিয়ালৰ ঘৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈ আছে। ফলত নৈপৰীয়া অঞ্চল কেইটাৰ লোকে সন্ধান চলাইছে সুৰক্ষিত স্থনৰ।

ইতিমধ্যে বহু লোকে সুৰক্ষিত স্থানলৈ নিজৰ ঘৰ স্থানান্তৰ কৰিছে আৰু বহু লোকে এতিয়াও ঘৰ স্থানান্তৰ কৰি আছে। কোনোবা এটা পৰিয়ালে যদি আশ্ৰয় লৈছে পথৰ ওপৰত, কোনোবা এটাই লৈছে আশ্ৰয় লৈছে খেতি পথাৰত। মুঠতে এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে জিলাখনৰ এই নৈপৰীয়া অঞ্চল সমূহত।

কেৱল মানুহৰ ঘৰেই নহয়, হেজাৰ হেজাৰ বিঘা কৃষি ভূমিও জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। কৃষি ভূমি হেৰুৱাই বহু লোকে এতিয়া দিন হাজিৰ কৰি পোহপাল দিব লগীয়া হৈছে পৰিয়ালক। ইমানৰ পিছতো অঞ্চল কেইটাৰ লোকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন বা স্থানীয় বিধায়কৰ।

ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আজিলৈ কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ ফলত অঞ্চল কেইটাত প্ৰতি বছৰে সহস্ৰাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যায় বুলি ৰাইজে প্ৰকাশ কৰিছে। এই বেলি বৰ্তমানলৈকে প্ৰায় ৫ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।