ডিব্ৰুগড়
৩ জুলাই

পৰিৱেশ আৰু বন মন্ত্ৰী, পৰিমল শুক্লবৈদ্যই শনিবাৰে আনুষ্ঠানিকভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ উদ্বোধন কৰে। জয়পুৰ ফৰেষ্ট আই বিত ৰাজ্যৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে দিহিং পাটকাইৰ উদ্বোধন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমৰ ইতিহাসত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ শুভ উদ্বোধনৰ দিন হিচাপে আজিৰ দিনটো চিৰস্মৰণীয় হৈ ৰ’ব। তেওঁ উল্লেখ কৰে যে বিগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু সেই অনুসৰি ১৫ জুনত এই সম্পৰ্কীয় আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। মন্ত্ৰী গৰাকীয়ে লগতে প্ৰকাশ কৰে যে এক সুদীৰ্ঘ সময়জুৰি দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত কৰাৰ সংৰক্ষণমুখী পৰিকল্পনাই অৱশেষত বাস্তৱ ৰূপ পালে আৰু ইয়াৰ বাবে বিশেষকৈ জয়পুৰবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনায়।

বিভিন্ন জীৱ-জন্তু, গছ-গছনিৰে সমৃদ্ধ আৰু বৰ্ষাৰণ্যৰ বাবে বিখ্যাত এই উদ্যানখনে অতি শীঘ্ৰেই সমগ্ৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠ উদ্যানসমূহৰ অন্যতম হ’ব, এই আশা ব্যক্ত কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। তেওঁ কয় যে অসম প্ৰকৃতিৰ বিশেষভাৱে স্নেহধন্য আৰু অসমবাসী ৰাইজ সংৰক্ষণমূলক মনোবৃত্তিৰ বাবে ধন্যবাদৰ পাত্ৰ। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সকলোকে প্ৰকৃতিৰ সৈতে যিয়ে আমাক ভৰণ-পোষণ কৰি জীয়াই ৰাখিছে, সহাৱস্থান কৰি চলিবলৈ আহ্বান জনায়।
মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নতুন চৰকাৰৰ আৰম্ভণিৰ সময়ছোৱাতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান ৰাজ্যখনৰ স্থাপন হ’ল।

তেওঁ কয় যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হোৱাৰ ফলত ইয়াৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণ অধিক শক্তিশালী হ’ব।মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰী কৰে যে পৰ্যটকক আকৰ্ষণ কৰিবলৈ চৰকাৰে উদ্যানৰ বিভিন্ন আন্ত:গাঁথনিসমূহ অধিক সবল কৰিব। উদ্যানখনে নিৱনুৱা যুৱক-যুৱতীসকললৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী, ৰামেশ্বৰ তেলীয়ে অসম চৰকাৰ আৰু নেচাৰ্ছ বেকনক দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ প্ৰক্ৰিয়াত গ্ৰহণ কৰা ভূমিকাৰ্ বাবে ধন্যবাদ জনায়। তেওঁ আশা প্ৰকাশ কৰে যে উদ্যানখনে পৰ্যটক আকৰ্ষণ কৰিবলৈ উচ্চ মানদণ্ডৰ এটা অতিথিশালা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব।

বিধায়ক, প্ৰশান্ত ফুকন, তৰংগ গগৈ, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী), অমিত চাহাই, নেচাৰ্চ বেকনৰ পৰিচালক সৌম্যদীপ দত্তইও এই অনুষ্ঠানত নিজৰ বক্তব্য ৰাখে। উপায়ুক্ত, পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক এছ মিশ্ৰা, বন সংৰক্ষক, অসম পূব চক্ৰ, নাৰায়ন মহন্ত, বিজেপি আৰু অগপৰ জিলা সভাপতি আৰু অন্য বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ পূৰ্বে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যানখনৰ ঘোষণাৰ আনুষ্ঠানিক বিজ্ঞপ্তি ৰাইজৰ প্ৰতিনিধি আৰু নেচাৰ্চ বেকনৰ পৰিচালকক হস্তান্তৰ কৰে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইয়াৰ পূৰ্বে উদ্যানৰ মুখ্য দ্বাৰত থকা ফলক মুকলি কৰে। তেওঁ বিষয়ববীয়াৰ সৈতে উদ্যানৰ ভিতৰলৈ এক ছাফাৰী যাত্ৰাত অংশ লয়।

জয়পুৰ আৰু চৰাইপুং ৰেঞ্জৰ অন্তৰ্গত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ২৩৪.২৬ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে। অসম উপত্যকাৰ ক্ৰান্তীয় সেমেকা চিৰসেউজ অৰণ্যৰ অৱশিষ্ট বৰ্ষাৰণ্যৰ বাবে বিশ্ব প্ৰসিদ্ধ এই উদ্যানখন হাতী, হলক গিবন, সোণালী মেকুৰী, ক্লাউডেদ লেপাৰ্ড আৰু অন্য বহু জীৱ-জন্তুৰ বাসস্থান। বৰ্তমানলৈকে, ৪৭ টা স্তন্যপায়ী, ৪৭ টা সৰীসৃপ আৰু ৩১০ টা পখিলা প্ৰজাতি নথিভুক্ত কৰা হৈছে।