শিলচৰ

৪ জুলাই

কাছাৰ আৰক্ষীক লাগে দুজন ডকাইতৰ তথ্য। দুই ডকাইতৰ বিষয়ে তথ্য যোগান ধৰিব পৰা ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ আৰক্ষীয়ে। দুই ডকাইতক আটক কৰাৰ বাবে কাছাৰ আৰক্ষীয়ে বিচাৰিছে ৰাইজৰ সহায়। কাছাৰ আৰক্ষীৰ টুইটাৰত ইতিমধ্যে দুই ডকাইতিৰ ছবি প্ৰকাশ কৰা হৈছে।

দুই ডকাইতিৰ বিষয়ে খবৰ দিব পৰা লোকক কাছাৰ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰা ডকাইত দুজনৰ বিৰুদ্ধে আছে ধন কাঢ়ি নিয়াৰ অভিযোগ৷ কাছাৰ আৰক্ষীয়ে এই দুই ডকাইতৰ ছবি টুইটাৰত প্ৰকাশ কৰিছে। ডকাইত দুজনৰ ছবি প্ৰকাশ কৰি কাছাৰ আৰক্ষীয়ে টুইটাৰত লিখিছে যে উক্ত দুই অপৰাধীৰ সম্পৰ্কে খবৰ দিওতালৈ নগদ পুৰস্কাৰ দিয়া হ’ব৷

ডকাইত দুজনৰ বিষয়ে খবৰ দিয়া লোকৰ নাম গোপনে ৰখা হ’ব বুলিও কাছাৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। ডকাইত দুজনৰ তথ্য বিচাৰি কাছাৰ আৰক্ষীয়ে ৯৭০৬৬০৩৮৮ আৰু ৮৬৩৮৬২২৪১১ দুটা মোবাইল নম্বৰ প্ৰকাশ কৰিছে৷ ডকাইত দুজনৰ খবৰ দিবলৈ যিকোনো ব্যক্তিয়ে উক্ত নম্বৰত কাছাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব৷

জানিব পৰা মতে, শিলচৰৰ ৰাধামাধৱ কলেজৰ এজন কৰ্মচাৰীৰ পৰা দুই লাখ টকা কাঢ়ি নিছিল এই দুই ডকাইতে৷ ৰঙ্গিৰখড়ীৰ ভাৰতীয় ষ্টেট বেংকৰ নতুন শিলচৰ শাখাৰ পৰা দুই লাখ টকালৈ বাহিৰলৈ ওলাই আহোতেই ব্যক্তিজনক আক্ৰমণ কৰি ডকাইত দুজনে কাঢ়ি নিছিল টকাখিনি৷ আৰক্ষীয়ে চিচি টিভি ফুটেজত বাইকত অহা ডকাইত দুজনৰ পিছফালৰ পৰা এখন ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিখন ছবি কাছাৰ আৰক্ষীয়ে টুইটাৰত প্ৰকাশ কৰিছে৷

উল্লেখ্য যে, আই পি এছ বিষয়া বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা দিনৰে পৰা কাছাৰত অপৰাধীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আই পি এছ বিষয়া গৰাকীৰ নেতৃত্বত ইতিমধ্যে কাছাৰ আৰক্ষীয়ে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আই পি এছ বিষয়া গৰাকীৰ নেতৃত্বত জিলাখনত ড্ৰাগছৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে।