নিউজ ডেস্ক : মলদ্বাৰৰ ভিতৰত ৪ টা সোণৰ পেকেট। কিন্ত কেনেকৈ ধৰা পৰিল মলদ্বাৰৰ ভিতৰত থকা ৪ টা সোণৰ পেকেট ? আচৰিত যেন লাগিলেও, এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত। ইম্ফল বিমান বন্দৰত এজন লোকৰ মলদ্বাৰৰ পৰা জব্দ হৈছে ৪ টা সোণৰ পেকেট।

সোমবাৰে মণিপুৰৰ ইম্ফল বিমান বন্দৰৰ পৰা এজন লোক দিল্লীলৈ যোৱাৰ বাবে উপস্থিত হৈছিল। বিমান বন্দৰত নিয়মীয়া তালাচীৰ সময়ত লোকজনৰ মলদ্বাৰত কিবা এটা গোটা বস্তু থকা ধৰা পৰিছিল। চিআইএছএফ বাহিনীয়ে কিন্তু লোকজনক জেৰা চলাওঁতে লোকজনৰ পৰা কোনো ধৰণৰ সন্তোষজনক উত্তৰ লাভ কৰা নাছিল।

ইয়াৰ পিছতে লোকজনৰ এক্স-ৰে’ কৰাত লোকজনৰ মলদ্বাৰত সোণ থকা ধৰা পৰে। লোকজনৰ পৰা ৪ টা সোণৰ পেকেট জব্দ কৰা হয়। জব্দকৃত ৯০৯.৬৮ গ্ৰাম ওজনৰ সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৪২ লাখ টকা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে চোৰাং ভাৱে সোণ সৰবৰাহৰ চেষ্টা চলোৱা লোকজনক গ্ৰেপ্তাৰ কৰিছে চিআইএছএফ বাহিনীয়ে। ধৃত লোকজনৰ কেৰেলাৰ মোহম্মদ শ্বৰিফ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে লোকজনক জেৰা চলাই থকা হৈছে।