গুৱাহাটী : নিশাৰ ভাগত সুৰামত্ত অৱস্থাত ৯ জনকৈ শ্রমিকক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। ৰাজকন্যা বৰুৱাই দুর্ঘটনা সংঘটিত কৰি ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ তদন্তৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ হোৱা পৰিলক্ষিত হয়।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে আৰক্ষী তৎপৰ হৈ ৰাজকন্যা বৰুৱালৈ চমন জাৰি কৰিছে। দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক চমন জাৰি কৰি মঙলবাৰৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্রদান কৰিছে। দিছপুৰ আৰক্ষী ৰাজকন্যা বৰুৱাৰ ঘৰলৈ গৈছিল যদিও ৰাজকন্যা বৰুৱা জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে হাস্পতালত উপস্থিত হৈ ৰাজকন্যা বৰুৱাক মঙলবাৰৰ ভিতৰৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে যোৱা শনিবাৰে নিশা প্ৰায় ২ বজাত ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত তীব্ৰবেগী বাহনেৰে ৰুক্মিণীগাঁৱত পথ নিৰ্মাণৰ কাম কৰি থকা ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল।

আহত এই ৯ জন শ্ৰমিকৰ ভিতৰত এজন শ্ৰমিকৰ এখন ভৰি দুর্ঘটনাস্থলীতে ছিঙি পৰিছিল। আনহাতে শ্ৰমিকজনৰ আন এখন ভৰি হাস্পতালত কাটিব লগীয়া হয়। সুৰামত্ত অৱস্থাত নিশা ক’ভিড নীতি-নিৰ্দেশনা ভংগ কৰি এইদৰে ভয়াবহ দুর্ঘটনা সংঘটিত কৰাৰ পিছতো আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল।

আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা নকৰাৰ লগতে এজাহাৰত ৰাজকন্যা বৰুৱা সুৰামত্ত অৱস্থাত থকা আৰু ক’ভিড নীতি-নিৰ্দেশনা ভংগ কৰা উল্লেখ নথকাৰ বাবে ৰাজকন্যা বৰুৱাই ২৪ ঘন্টাৰ ভিতৰতে জামিন লাভ কৰে। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজকন্যা বৰুৱাই আৰক্ষীৰ বাবে জামিন লাভ কৰিবলৈ সক্ষম হৈছে নেকি এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দিছপুৰ আৰক্ষীৰ দুজনকৈ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। আৰক্ষীয়ে সুৰামত্ত অৱস্থাত দুর্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছে। ইয়ৰে প্ৰথম তিনিটা ধাৰা জামিনযোগ্য যদিও ৩৫৩ জামিন অযোগ্য ধাৰা।