গুৱাহাটী : মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ চাৰি কিশোৰ সন্ধানহীন। এজন কিশোৰক ৰক্ষা কৰিবলৈ গৈ অন্য তিনিজনো ডুব যায় নদীৰ বুকুত। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে।

মহানগৰী গুৱাহাটীৰ পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ চাৰিজন কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰিছে। চাৰি কিশোৰ ব্ৰহ্মপুত্ৰ নদীত গা ধুই থকা সময়ত এজন কিশোৰ হঠাতে নদীত ডুব যায়।

ব্ৰহ্মপুত্ৰৰ সোঁতত লগৰজনক উটি যোৱা দেখি অন্য তিনিজনে ৰক্ষা কৰিবলৈ আগুৱাই যায় যদিও চাৰিওজন কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে বুলি ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে জানিবলৈ দিয়ে। স্থানীয় ৰাইজে আৰক্ষীক।খবৰ দিয়াত আৰক্ষী লগে লগে পাণ্ডু ঘাটত উপস্থিত হয়।

আৰক্ষীয়ে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ জোৱানৰ লগত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ডুব যোৱা কিশোৰ চাৰিজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈকে উদ্ধাৰকাৰী দলটোৱে কোনো ধৰণৰ সাফল্য লাভ কৰা নাই।

ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ নদীত ডুব সন্ধানহীন হোৱা কিশোৰ চাৰিজন দয়াল শেখ, অভিনাশ দাস, জিৎ দাস আৰু দীপ সৰকাৰ বুলি জানিব পৰা গৈছে। আটাইকেইজন কিশোৰৰ বয়স ১৫ বছৰ আৰু ঘৰ মালি গাঁওঅঞ্চলত।

সন্ধনহীন হোৱা কিশোৰ কেইজনৰ পৰিয়ালৰ লোক পাণ্ডু ঘাটত শোকত ভাঙি পৰিছে। এই ঘটনাই সমগ্ৰ পাণ্ডু অঞ্চলত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত গা ধুবলৈ গৈ তিনিজন কিশোৰ ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছিল।