জামুগুৰিহাট : পুৱতি নিশা জামুগুৰিহাটত ভয়ংকৰ পথ দুর্ঘটনা। ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘর্ষৰ ফলত থিতাতে নিহত এজন লোক। অহাত হৈছে দুজনকৈ লোক। অহাত দুজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ।

দেওবাৰে পুৱতি নিশা জামুগুৰিহাটৰ কুসুমটোলাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় দুজনকৈ লোক।

কুসুমটোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘর্ষ লাগে। তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা ট্ৰাকখনক বিপৰীত দিশৰ পৰা আহি থকা বালি কঢ়িওৱা ডাম্পাৰ এখনে সন্মুখৰ পৰা খুন্দা মাৰে।

ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত ডাম্পাৰখনৰ চালক থিতাতে নিহত হয়। নিহত ডাম্পাৰখনৰ চালকজনৰ নাম চনেন বড়ো বুলি জানিব পৰা গৈছে। দুর্ঘটনাত প্ৰহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন লোকো আহত হৈছে। আহত দুজনক উন্নত চিকিংসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।