গুৱাহাটী, ২৫ মেঃ গ্ৰাম্য ভাৰতৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নয়ণৰ বাবে কাম কৰি অহা বেচৰকাৰী-স্বেচ্ছাসেৱক অনুষ্ঠান ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিয়ে ২৮ তম বৰ্ষপূতি গুৱাহাটী প্ৰেছ ক্লাৱত উদযাপন কৰে৷ অনুষ্ঠানত ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিৰ উত্তৰ-পূব মণ্ডলৰ অধ্যক্ষ সুভাষ আগৰৱালা, ছ’চাইটিৰ গুৱাহাটী খণ্ডৰ সভাপতি পৱন আগৰৱালা, ২০১২ চনত অলিম্পিক শিখা কঢ়িওৱা ৰেলীত অংশগ্ৰহণকাৰী পিংকী কৰ্মকাৰ উপস্থিত থাকে৷ উল্লেখ্য যে, দেশৰ পিছপৰা শ্ৰেণীৰ শিশুসকলক শিক্ষা প্ৰদানেৰে এখন উন্নত ভাৰত গঢ়াৰ এক মহৎ লক্ষ্য আগত ৰাখিয়েই ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটি স্থাপিত হৈছিল ১৯৮৯ চনৰ ১৫ জানুৱাৰীত৷ ছ’চাইটিয়ে শিশুসকললৈ অনানুষ্ঠানিক শিক্ষা প্ৰদান, স্বাস্থ্যসন্মত পৰিৱেশত থকাৰ শিক্ষা (পৰিস্কাৰ পৰিচ্ছন্নতা), উন্নয়ণমূলক শিক্ষা, সজাগতাৰ শিক্ষা আৰু সংস্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰে৷ বিগত ২৮ টা বৰ্ষত ভাৰতবৰ্ষৰ মুঠ ৩২ টা খণ্ড থকা ৩০ খন গাঁৱত ছ’চাইটিয়ে সেৱা আগবঢ়াই আহিছে৷ সম্প্ৰতি ছ’চাইটিয়ে ৫৩,২৪২ খন বিদ্যালয় চলাই থকাৰ উপৰি বিগত সময়ছোৱাত ১৫,৮৯,১৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে৷ ইয়াৰে ৭,৭০,৯১৩ গৰাকী ল’ৰা আৰু ৮,১৮,২৬৪ গৰাকী ছোৱালী৷ ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ তালাপত ১৯৮৯ চনত আৰম্ভ হৈছিল উত্তৰ-পূবৰ প্ৰথমখন একল বিদ্যালয়৷ এই বিদ্যালয়সমূহৰ মাধ্যমেৰে ছ’চাইটিয়ে জনজাতীয় এলেকাৰ লোকসকলৰ ঘৰে ঘৰে শিক্ষাৰ ব্যৱস্থা উপলব্ধ কৰোৱাই আহিছে৷ একেলগে ৩০ খন একল বিদ্যালয় স্থাপনেৰে এই যাত্ৰা আৰম্ভ কৰা ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিৰ বিদ্যালয়ৰ মুঠ সংখ্যা হৈছেগৈ ৩,৪৮৮ খন৷ ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিয়ে উত্তৰ-পূবৰ বিভিন্ন স্থানত ৬৯০ খন একল বিদ্যালয় স্থাপনৰ যো-জা চলাইছে৷ ইতিমধ্যেই ওদালগুৰি জিলাত ৯০ খন, অৰুণাচল প্ৰদেশত ১২০ খন, ত্ৰিপুৰাত ১৮০ খন, মণিপুৰত ৯০ খন, যোৰহাটত ৬০ খন আৰু মাজুলীত ৬০ খন একল বিদ্যালয় স্থাপনৰ পৰিকল্পনা হাতত লৈছে৷ অসমৰ ডিমা-হাছাও জিলাতো ৯০ খন একল বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে৷ আনহাতে সমগ্ৰ উত্তৰ-পূবত ১,২১,০০০ শিক্ষাৰ্থীয়ে একল বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে৷ একক শিক্ষকৰ বিদ্যালয়সমূহে দৰিদ্ৰ আৰু অভাৱী শিশুসকলক প্ৰয়োজনীয় অতিৰিক্ত কোচিং প্ৰদান কৰে, যিখিনি চৰকাৰী বিদ্যালয়ত সম্ভৱ হৈ নুঠে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিক্ষাৰ মানদণ্ড অক্ষুন্ন ৰাখি বিদ্যালয়ৰ শিক্ষা আধাতে সামৰি থোৱাৰ যি হাৰ সেয়া নিম্নগামী কৰি কিতাপৰ প্ৰতি মোহ জগাই তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷