মহাৰাষ্ট্ৰ, ২৫ মেঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেছ এক ভয়াবহ হেলিকপ্তাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ মুখ্যমন্ত্ৰী ফাৰ্ণাণ্ডেছৰ হেলিকপ্তাৰখন মহাৰাষ্ট্ৰৰ লাতুৰৰ পৰা যাত্ৰা কৰা সময়তে বিমানখনৰ কাৰিকৰী বিজুতি ঘটাত তৎকালীন ভাবে ক্ৰেছ লেণ্ডিঙ কৰিবলগীয়া হয়৷ দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ ক্ৰেছ লেণ্ডিঙ পিছতে ফাৰ্ণাণ্ডেছে টুইটাৰ যোগে এই দুৰ্ঘটনাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেছে মহাৰাষ্ট্ৰৰ লাতুৰৰ তিলেঙ্গা লগতে কেবাস্থানত বিভিন্ন অনুষ্ঠান অংশগ্ৰহণ কৰাৰ কথা আছিল৷ তিলেঙ্গাৰ অনুষ্ঠানত পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ বিমানে উৰা মৰাৰ সময়তে বিমান খনৰ যান্ত্ৰিক বিজুতি ঘটে আৰু তৎকালীন ভাবে ক্ৰেছ লেণ্ডিঙ কৰিবলগীয়া হয়৷ পাইলটৰ সুদক্ষতাত বিমানখন সুকলমে আৱতৰণ কৰোৱা হয়৷ বিমানখনত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেছ, পাইলটৰ লগতে দুজন ক্ৰু মেম্বাৰো আছিল৷ দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিমানখনৰ আগ অংশ সম্পূৰ্ণৰূপে জ্বলি যায়৷ ইয়াৰ পূৰ্বেও যোৱা ১৩ মে’ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেছৰ বিমানৰ কাৰিকৰী বিজুতি ঘটাত তেওঁৰ অনুষ্ঠানৰ কাৰ্য্যসূচী সলনি কৰিবলগীয়া হৈছিল৷