আজিজ আলী
মুকালমুৱা : দমদমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তী উপেলক্ষে দমদমা গাঁওৰক্ষী বাহিনীৰ এই বিশেষ কাৰ্যসূচী। পথৰ দুয়োকাষে গছপুলি ৰোপন কৰি মহামানৱ মহাত্মা গান্ধীক স্মৰণ।
শনিবাৰে গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি মহামানৱ মহাত্মা গান্ধীক স্মৰণ কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে জাতিৰ পিতাক স্মৰণ কৰা পৰিলক্ষিত হয়। কৰবাত যদি চাফাই অভিযান চলাই, কৰবাত আকৌ কভিড প্ৰতিষেধক অভিযান চলাই গান্ধী জয়ন্তী পালন কৰা দেখিবলৈ পোৱা যায়।
নলবাৰী জিলাৰ মুকালমুৱাতো এক বিশেষ কাৰ্যসূচীৰে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তী উদযাপন কৰা হয়। পৱিত্ৰ দিনটোৰ লগত সংগতি ৰাখি মুকালমুৱাৰ দমদমা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এক সজাগতা সভাৰ আয়োজন কৰা হয়। সজাগতা সভাখনৰ আতধৰে আঞ্চলিক সদস্য নাচিৰুদ্দিন প্ৰধানীয়ে।
কাৰ্যসূচীৰ অংশ হিচাপে দমদমা গাঁৱৰ পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰে দমদমা পথাৰ উন্নয়ন সমিতিৰ সভাপতি আয়ুব খান, শেখ নজৰুল ইছলাম, দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাই, পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুবক্কৰ চিদ্দিক তথা চামাদ আলী আৰু নুৰুল হকৰ লগতে দমদমা পথাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য আচবৰ আলী আৰু আচাদুল ইছলাম।