জনীয়া, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ : আগন্তুক ২ অক্টোবৰত বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াত উদযাপিত হ’ব নামনি অসম ভিত্তিত গান্ধী জয়ন্তী। এই ঘোষনা তৃণমূল কংগ্ৰেছ, জনীয়া আঞ্চলিক কমিটিৰ।

যোৱা মঙ্গলবাৰে এই সন্দৰ্ভত জনীয়া ভি আই পি হোটেলত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী তথা সংগ্ৰামী জ্যেষ্ঠ নেতা আব্দুল জলিল তালুদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে তৃণমূল কংগ্ৰেছ, জনীয়া আঞ্চলিক কমিটিৰ সম্পাদক ৰফিকুল ইছলামে।

সভাত উদযাপন সমিতিয়ে জানিবলৈ দিয়ামতে নামনি অসম ভিত্তিত উদযাপন কৰিবলগীয়া গান্ধী জয়ন্তীত তৃণমূল কংগ্ৰেছৰ সভাপতি তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চিত্ৰ তাৰকা শতাব্দী ৰায়, তাপস পালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

উক্ত সভাত সমন্বয় ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ সম্পাদক ইমান আলী ,জনীয়া আঞ্চলিক চিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক আয়নাল হক চৌধুৰী, সমাজ সচেতক আব্দুৰ ৰহমান, কান্দাপাৰাৰ জালাল উদ্দিনকে ধৰি বহু কেইগৰাকীয়ে গান্ধীজয়ন্তী উদযাপনৰ সপক্ষে বক্তব্য প্ৰদান কৰে।