জনীয়া, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ : যোৱা ১২ আগষ্টত কালামপুৰ চৰত বেঁকী নদীত পৰি সন্ধানহীন হোৱা ৫ জনকৈ লোকক আজিকোপতি সন্ধান উলিয়াব নোৱাৰাৰ শোঁক ৰাইজৰ অন্তৰৰ পৰা আঁতৰ নোহোৱা সময়তে আজি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চতলা বেঁকী নদীত জালেৰে মাছ মাৰিবলৈ গৈ পাহাৰতুলি গাঁৱৰ ছুৰত জামান (৪০) নামৰ এজন মাছমৰিয়া সন্ধানহীন হৈছে।

বুধবাৰে আবেলি ২-৩০ বজাত মাছ মাৰিবলৈ যোৱা যুৱক জন সন্ধানহীন হৈ পৰাত ৰাইজে কলগাছিয়া আৰক্ষীক খবৰ দিয়ে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰৰ বাবে বিশেষ তৎপৰতা নেদেখুৱাৰ অভিযোগ কৰিছে ৰাইজে। সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি হৈছে।