সোণতলী, ১৩ অক্টোবৰঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী পূৱ ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ সহযোগত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত ছয়গাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ ৪৯তম বাৰ্ষিক গৰৈমাৰী অধিৱেশনখন আজি সামৰণি পৰে৷ অধিবেশনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত ৰাজনৈতিক দলক কঠোৰ সমালোচনা কৰি ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে বুলি মন্তব্য কৰি ছাত্ৰ ছাত্ৰীক ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ তেওঁ লগতে সম্প্ৰতি সময়ত ৰাজ্যত চলি থকা গুণোৎসৱ সম্পৰ্কত চৰকাৰক ধন্যবাদ জনাই শিক্ষাৰ গুণগত মানদণ্ড অধিক উন্নত কৰাৰ স্বাৰ্থত বিদ্যালয়সমূহত এছেচমেন্ট কমিটি গঠন কৰাৰ আহ্বান জনায়৷ আছুৰ উপদেষ্টা গৰাকীয়ে অসমত নতুন মহাবিদ্যালয় স্থাপন হোৱাটো আছুৱে বিচাৰে যদিও দীনদয়াল নামৰ বিৰোধিতা কৰে বুলি মন্তব্য কৰে৷ বান খহনীয়াই অসমৰ ভেঁটি মাটি উচন কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাত কটোৰ ভা,াৰে সমালোচনা কৰে৷ অসমৰ বান সমস্যাক গংগা মাতৃক দৃষ্টি দিয়াৰ দৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ দাবী উত্থাপন কৰে৷ অসমত সম্প্ৰতি সাম্প্ৰদায়িক বিভাজনেৰে অসমত অস্থিৰ পৰিবেশৰ সৃষ্টি কৰাসকলক সকীয়াই কয় যে, অসমক দ্বিখণ্ডিত কৰাৰ সংকল্প ৰচনা কৰাজন সাৱধান হওক সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমত অস্থিৰতাৰহে সৃষ্টি কৰিছে৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে, এনআৰচি উন্নীতকৰণ হ’লে ৰাজনৈতিক দলৰ সান্ধ খোৱা বন্ধ হৈ পৰিব বাবেই এই সমস্যা অসম চুক্তিৰ ৩২ বছৰ পিছতো সমাধান কৰিব পৰা হোৱা নাই বা কৰিব বিচৰা নাই৷ বিদেশী বিদেশীয়েই, বিদেশীৰ নামত হিন্দু মুছলমানৰ কথা নাহে৷ ছাত্ৰ নেতা গৰাকীয়ে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা শিশু পুঁথিভৰাল আৰু বুক বেংক স্থাপন কৰাৰ ঘোষণা কৰে৷ ছয়গাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নীলমণি কলিতাই পৌৰাহিত্য কৰা অনুষ্ঠানত হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ কৃতি ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু জাপিৰে অভিনন্দ জনোৱা হয়৷