পঞ্জাৱ, ১৪ অক্টোবৰঃ আহমেদিয়া মুছলিম জামাতে সৰ্বসাধাৰণ লোকৰ চিকিৎসাৰ সুবিধাৰ্থে পঞ্জাৱৰ কাদিয়ানত স্থাপন কৰা নুৰ হস্পিতালৰ শতবৰ্ষৰ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া চিকিৎসা, ৰক্তদান শিবিৰৰ লগতে বিশেষ কাৰ্যসূচী ৰূপায়নৰ পদক্ষেপ হাতত লৈছে৷ নুৰ হস্পিতালে শতবৰ্ষৰ উপলক্ষে কাদিয়ানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে এক ঐতিহাসিক প্ৰদৰ্শনীৰো আয়োজন কৰিছে৷ শতবৰ্ষ বাৰ্ষিক কাৰ্যসূচী অনুসৰি চলিত বৰ্ষৰ পৰা কাদিয়ানৰ নুৰ হস্পিতেলত ডাইলেছিছৰ সুবিধাও উপলব্ধ হ’ব৷ ইয়াৰ উপৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিনামূলীয়া চিকিৎসা, ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে৷ উল্লেখ্য যে, নুৰ হস্পিতালে ১৬ অক্টোবৰত শতবৰ্ষ সম্পূৰ্ণ কৰিব৷ এই চিকিৎসালয়খন আহমেদিয়া মুছলিম জামাতৰ প্ৰতিষ্ঠাপক হজৰত মিৰ্জা গুলাম আহমদ সাহিব কাদিয়ানী মসীহ মৌঊদী অলেহিৱসল্লমে স্থাপন কৰিছিল৷ ১৮শতিকাৰ মাজভাগত কাদিয়ানত কোনো চিকিৎসালয় তথা চিকিৎসা কোনো সুবিধা নাছিল৷ অলেহিৱসল্লমে সেই সময়ত স্থানীয় লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদানৰ লগতে ঔষধৰো যোগান ধৰিছিল৷ অলেহিৱসল্লমৰ এই নীতি সৰোগত কৰি আহমেদিয়া মুছলিম জামাতে প্ৰতিষ্ঠাৰ সময়ৰে পৰা বিভিন্ন ধৰণে চিকিৎসা সেৱা প্ৰদান কৰিছিল আৰু ১৯১৭ত ১৬ অক্টোবৰত কাদিয়ান নুৰ হস্পিতেল স্থাপন কৰে৷ নুৰ হস্পিতেল কাদিয়ানৰ প্ৰথম এলপেথিক চিকিৎসালয়৷ ইয়াৰ পিছত জামাতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ আফ্ৰিকাৰ দৰে দৰিদ্ৰ আৰু পিচপৰা তথা দুৰ্গম অঞ্চলত চিকিৎসালয় স্থাপন কৰি চিকিৎসা প্ৰদান কৰি আহিছে৷  বৰ্তমান এই চিকিৎসালয় সমূহত আধুনিক প্ৰযুক্তিৰে উন্নত চিকিৎসা প্ৰদান কৰা হৈছে৷