সোণতলী, ৭ জুনঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আল আমিন ইছলামিক মডেল স্কুলত অনুষ্ঠিত হোৱা এখন সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, আল আমিন ইছলামিক মডেল স্কুলৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সোতৰ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ বৃহত্তৰ গৰৈমাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এইসকল ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়ৰ প্ৰাংগনত খবিৰ উদ্দিন আহমেদৰ পৌৰহিত্যত আৰু সহকাৰী শিক্ষক ওমৰ ফাৰুক আব্দুল্লাৰ পৰিচালনাত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিদ্যালয় কৃতী ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোছা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ এই সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ অধ্যক্ষ হাসেম আলী, সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী আৰু অসম মাদ্ৰাছা বৰ্ডৰ প্ৰাক্তন সঞ্চালক আব্দুল কাইয়ুম আল আমানকে ধৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷