আৰএচএচৰ একাংশই হিন্দু মুছলমানৰ মাজত ” সংঘাত ” লগাব বিচাৰে : হাগ্ৰামা

কোকৰাঝাৰ, ৭ জুনঃ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বিজেপিয়ে ভাবুকি দিয়া বুলি স্বয়ং হাগ্ৰামা মহিলাৰীয়ে ক্ষোভ প্ৰকাশ কৰাৰ পিছত ক্ৰমান্বয়ে মিত্ৰতাত ফাট মেলা আৰম্ভ কৰিছে । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰ স্থিতিত অটল থকাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক নেতিৃবৰ্গই কিন্ত সমগ্ৰ ঘটনা সন্দৰ্ভত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে । এনে ৰহস্যজনক নীৰৱতাৰ সময়তে আজি কোকৰাঝাৰ জিলাৰ বিছমুৰী বজাৰত হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ সতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহন কৰে । এই মত বিনিময় অনুষ্ঠানত উপস্থিত থকা প্ৰায় সহস্ৰাধিক জনতাৰ একাংশই হাগ্ৰামা মহিলাৰীৰ সন্মুখতে মুকলিভাৱে বিজেপিৰ একাংশ কৰ্মীয়ে তেওঁলোকৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভৰ বাবে উৎকোচ লোৱা বুলি অভিযোগ কৰে । উপস্থিত ৰাইজৰ একাংশই বিজেপি কৰ্মীয়ে দুখীয়াৰ পৰা ধন লোৱাৰ কথা দাবী কৰি বিষয়টো সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ হস্তক্ষেপ কামনা কৰি প্ৰকৃত হিতাধিকাৰীক হে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে । ইয়াৰোপৰি অঞ্চলবিশেষে ৰাইজৰ সুবিধাৰ্থে নিদিষ্ট উন্নয়নমুলক কামকাজ কৰিবলৈও দাবী উত্থাপন কৰে স্থানীয় ৰাইজে । মত বিনিময় অনুষ্ঠানত ৰাইজৰ উক্ত বিস্ফোৰক অভিযোগ শুনি হাগ্ৰামা মহিলাৰীয়ে বিজেপি কৰ্মীয়ে দুখীয়া ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা বিষয়টো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক নেৰ্তৃবৰ্গক অৱগত কৰা হৈছে বুলি সদৰি কৰি বিজেপি কৰ্মীয়ে লোৱা দুখীয়া ৰাইজৰ ধন ঘূৰাই দিবলৈও দাবী উত্থাপন কৰিছে । কোনোবা বিজেপি বা আৰএচএচ কৰ্মীয়ে ধন লৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰিব নোৱাৰে বুলি স্পষ্ট মত প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে উপস্থিত ৰাইজক গৃহ লাভৰ আশাত উৎকোচ নিদিবলৈ আহ্বান জনায়। বিটিএডিৰ একাংশ বিজেপি নেতা কৰ্মীসকল পূৰ্বতে বিপিএফ দলত আছিল আৰু তাৰে একাংশ ভিচিডিচিৰ অধ্যক্ষ আছিল যদিও দূৰ্নীতিৰ অভিযোগৰ বাবেই অধ্যক্ষ পদৰ পৰা অপসাৰিত হৈছিল বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে সমাজৰ পৰা বহিষ্কৃত হোৱা মানুহবোৰক দেখিলে ৰাইজে বেয়া পায় আৰু তেনে মানুহবোৰে এতিয়া পুনৰাই দূৰ্নীতিত লিপ্ত হবলৈ ধৰাত ৰাইজে তেওঁক মুকলিভাৱে অভিযোগ দিয়া আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে ।
ইপিনে ৰাইজৰ সতে মত বিনিময় অনুষ্ঠানতে হাগ্ৰামা মহিলাৰীয়ে আৰএচএচক তুলাধুনা দিয়ে । ” আমিও হিন্দু কিন্ত আৰএচএচ য়ে যিটো লাইনত কথা কয় সংঘাত হব ” বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে হিন্দু মুছলমানৰ মাজত ” সংঘাত ” লগোৱাটো আৰএচএচৰ একাংশই বিচাৰে বুলি মত প্ৰকাশ কৰি আৰএচএচে বিচৰা মতে ইয়াত সেয়া নচলিব বুলি স্পষ্ট কৰি দিয়ে । হিন্দু , মুছলিম , খ্ৰীষ্টান সকলোৱে মিলিপ্ৰীতিৰে বসৱাস কৰা আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে একপক্ষীয়ভাৱে ধৰ্মীয় বিষয়ত কাম কৰাটো কোনেও নিবিচাৰে বুলি মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে মন্দিৰৰ যেনেকৈ প্ৰয়োজন আছে ঠিক তেনেকৈ মছজিদ , গীৰ্জাৰো প্ৰয়োজন আছে বুলি মন্তব্য কৰি পুণৰবাৰ আৰএচএচৰ ভাৱধাৰা বিটিএডিত নচলিব বুলি স্পষ্ট কৰি দিয়ে ।
আনহাতে আজিৰ মত বিনিময় অনুষ্ঠানতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিটিএডিৰ বাহিৰত বিপিএফৰ প্ৰভাৱধীন এলেকাত নিজা প্ৰাৰ্থী থিয় কৰোৱা হব বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে ।