সোণতলী, ৮ মেঃ ৰাজ্যত কৃষি বিভাগৰ কেলেংকাৰী বিতৰ্ক চলি থকাৰ সময়তে ফাদিল হ’ল কৃষি বিভাগৰ আন এক দুৰ্নীতিৰ ভয়ংকৰ তথ্য৷ কৃষি বিভাগৰ আৱন্টিত ট্ৰেক্টৰকে ধৰি কৃষিৰ যাৱতীয় সা-সামগ্ৰী বিভাগটোৰ গুদাম নৌ-পাওঁতেই বিক্ৰী হয় কলা বজাৰত৷ একাংশ দুৰ্নীতিগ্ৰস্থ কৃষি বিষয়া আৰু মুনাফা লোভী ব্যৱসায়ীৰ বাবেই বিভাগটোত সংঘটিত হৈ আহিছে কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰী৷ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি টপাৰ পথাৰ গাঁৱৰ পৰা কৃষি বিভাগৰ আৱন্টিত এখন ট্ৰেক্টৰ জব্দ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিবৰণী মতে, টপাৰ পথাৰ গাঁও নিৱাসী আব্দুল জলিল আৰু হাতীশলা পামৰ আমিৰ আলীয়ে গুৱাহাটীৰ প্ৰিঞ্চ এগ্ৰো মেচিনাৰীৰ প্ৰৱন্ধক চম্পক কলিতাৰ সহযোগত দীৰ্ঘ দিনৰে পৰা চলাই আহিছে কৃষি বিভাগৰ আৱন্টিত ট্ৰেক্টৰৰ চোৰাং বেহা৷ অতি কৌশলৰে উল্লেখিত লোক কেইজনে কৃষি বিভাগৰ সামগ্ৰীৰ চোৰাং বেহাত জড়িত থাকি ধনৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে৷ আজি হঠাতে জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে টপাৰ পথাৰ গাঁৱৰ আব্দুল জলিল নামৰ লোক জনৰ ঘৰৰ পৰা নম্বৰ বিহীন এখন নতুন ট্ৰেক্টৰ জব্দ কৰে৷ জানিব পৰা মতে, তেজপুৰৰ পথাৰ পৰিচালনা সমিতিৰ নামত কৃষি বিভাগৰ পৰা আৱন্টন হৈছিল এই জব্দ কৃত ট্ৰেক্টৰ খন৷ প্ৰিঞ্চ এগ্ৰো মেচিনাৰীৰ প্ৰৱন্ধক চম্পক কলিতাৰ নেতৃত্বত উক্ত ট্ৰেক্টৰখন অতি কম মুল্যত চোৰাংভাৱে ক্ৰয় কৰি আনিছিল টপাৰপথাৰৰ আব্দুল জলিল আৰু হাতীশলাৰ আমিৰ আলী নামৰ লোক দুজনে৷ এই বিষয়ে আৰক্ষী আৰু দুৰ্নীতি নিৰ্বাৰক শাখাই চৰ-জমিন তদন্ত কৰি দোষীক শাস্তি বিহাৰ লগতে  কৃষি বিভাগটোক দুৰ্নীতি মুক্ত কৰি সৱল কৰি তুলিবলৈ দাবী জনাইছে৷