গুৱাহাটী, ৮ মেঃ অসম বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোতে দিছপুৰৰ ৰাজপথ শিক্ষকৰ তেজেৰে ৰাঙলী হ’ল৷ চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সংস্থাৰ শতাধিক শিক্ষাকৰ্মীয়ে দিছপুৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শিক্ষাকৰ্মী সংস্থাই দীৰ্ঘদিন ধৰি বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা সংযোগী শিক্ষা কৰ্মীসকলক পুনৰ নিযুক্তি, বয়সৰ উৰ্ধসীমা ৰেহাই আৰু সহায়ক শিক্ষক হিচাপে পাঠদানত নিয়োজিত কৰাবলৈ দাবী জনাই আহিছিল৷ কিন্তু চৰকাৰ তথা শিক্ষা বিভাগে শিক্ষাকৰ্মীসকলক বিভিন্ন সময়ত  দাবী পূৰণৰ প্ৰতিশ্ৰুতিৰ বাহিৰে নিযুক্তিৰ কাৰণে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত চলিত অধিবেশনৰ প্ৰথমটো দিনটোতে দিছপুৰ লাষ্টগেটত শিক্ষাকৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ন্যায় প্ৰাপ্তিৰ আশাত অধৈৰ্য হৈ পৰা শিক্ষাকৰ্মীসকলে অৱশেষত প্ৰতিবাদস্থলীৰ পুলিচৰ বেৰিকেড ভাঙি চৰকাৰ বিৰোধী শ্লগানেৰে চৌদিশ উত্তাল কৰি জনতা ভৱন অভিমুখে ধাৱমান হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱা দেখি উপস্থিত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়৷ আৰক্ষীয়ে লাঠীচালনা কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিওৱাৰ চেষ্টা চলায়৷ এই লাঠীচালনাত কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাত পৰিস্থিতি অধিক উত্তাল হৈ পৰে। অৱশেষত বশিষ্ঠ থানাৰ আৰক্ষী-চিআৰপিএফৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আটক কৰি বশিষ্ঠ থানালৈ লৈ যায়। কিন্তু আটকাধীন প্ৰতিবাদকাৰীসকলে থানাৰ ভিতৰতো অসম চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে৷