গোলকগঞ্জ, ২৮ ডিচেম্বৰ: কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ধুবুৰী জিলাৰ গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰক্তদান শিবিৰটো উদ্বোধন কৰে গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি তথা গাঁও পঞ্চায়তৰ সভাপতি নাৰায়ণ দেবনাথে। উক্ত শিবিৰখনত প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, হালাকুৰা সমবায় সমিতি সভাপতি আলতাফ হুছেইন মণ্ডলকে ধৰি ২০ জনৰো অধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে ৰক্তদান কৰে। ইয়াৰ পিছত আবেলি ৩ বজাত গোলকগঞ্জ ৰাজীৱ ভৱনত গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সভাপতি নাৰায়ণ দেবনাথৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, জিলা সম্পাদক ইছমাইল উদ্দিন সেখ, গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটীৰ উপ-সভাপতি স্বপন লাল দে, সাধাৰণ সম্পাদক আফতাৰ হুছেইন সৰকাৰ, আগমনী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুছ ছোবাহান সৰকাৰ কে ধৰি কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে।