নিউজ ডেস্ক, ২৮ অক্টোবৰ: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বহৰিত আজি আবেলি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত বহৰি মিনি ষ্টেডিয়ামত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ মৌজাদাৰ মহিবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰথম জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা এন আৰ চি সহায়ক কেন্দ্ৰত উপলব্ধ হ’ব বুলি জানিবলৈ দি কয় যে এই খচৰা অনলাইনৰ উপৰিও আবেদনকাৰী সকলে প্ৰ-পত্ৰত উল্লেখ কৰা ফোন নম্বৰত এচ এম এচ ৰূপেও লাভ কৰিবলৈ সক্ষম হ’ব৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সহযোগ বিচাৰি শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায়৷ সভাত বৰপেটা জিলা অগপৰ উপ- সভাপতি তথা সমাজকৰ্মী ৰবিউল হুছেইনে উৰা বাতৰিত ভীতিগ্ৰস্ত নহ’বলৈ ৰাইজক অনুৰোধ জনোৱাৰ লগতে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন ঠাইত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনক ধন্যবাদ জনায়। চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসে উদ্দেশ্য বাখ্যা কৰা সজাগতা সভাখনত বৰপেটা জিলা উপ আৰক্ষী অধীক্ষক(সদৰ) সমীৰণ বৈশ্যই কোনো পৰিস্থিতিতে আইন হাতত তুলি নল’বলৈ ৰাইজক আহ্বান জনাই আজিৰ সজাগতা সভাৰ কথাবোৰ প্ৰতিটো চুবুৰিলৈকে কঢ়িয়াই নিবলৈ অনুৰোধ জনায়৷সজাগতা সভাখনত চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকত আলী খান, ডি আৰ পি অনুৰাগ খন্দকাৰ, তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল কালাম তালুকদাৰেও ভাষণ প্ৰদান কৰে। সভাখনত উপস্থিত ৰাইজৰ প্ৰশ্নোত্তৰ প্ৰদান কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে। প্ৰায় দুই শতাধিক লোক উপস্থিত থকা আজিৰ এই সভাখনত স্থানীয় আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসক ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে৷