গুৱাহাটী, ২৭ এপ্ৰিল, ২০২৫ : গুৱাহাটী চিটী ফুটবল ক্লাবে (GCFC) গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ এয়া হ’ব উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি পৰিচিত এই ধৰণৰ প্ৰথমটো এলিট আৱাসিক ফুটবল একাডেমী৷ এই একাডেমীটো গড়চুকস্থিত কাজিৰঙা ইংলিছ একাডেমীৰ চৌহদত অৱস্থিত, য’ত ছাত্ৰ-ছাত্ৰীয়ে একেলগে একেটা চৌহদত চিবিএছই পাঠ্যক্রমৰ অধীনত শিক্ষা আৰু উন্নত ফুটবল প্ৰশিক্ষণ লাভ কৰিব পাৰিব।
এই একাডেমীটোৰ মূল উদ্দেশ্য হৈছে প্ৰতিভাবান কিশোৰ খেলুৱৈসকলক তেওঁলোকৰ পেছাদাৰী ফুটবলাৰ হোৱাৰ সপোন পূৰণত সহায় কৰাৰ লগতে আনুষ্ঠানিক শিক্ষাও যাতে অব্যাহত ৰাখিব পাৰে তাৰ সুবিধা দিয়া। একাডেমীত সুন্দৰ ফুটবল ফিল্ড, বাতানুকূল হোষ্টেল, ছুইমিং পুল, উন্নতমানৰ শ্ৰেণীকোঠা, সুসজ্জিত জিম আদিৰ সুবিধা থাকিব য’ত ফুটবল প্রশিক্ষণ, শিক্ষা, বিশ্ৰাম আৰু মনোৰঞ্জনৰ সকলো সুবিধা প্ৰদান কৰিব। অসম অলিম্পিক সন্থাৰ কনফাৰেন্স হলত আয়োজিত এখন সংবাদ মেলত এই একাডেমীৰ কথা ঘোষণা কৰা হয়। জিচিএফচিৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা সকলোকে আদৰণি জনাই কয়, “বিগত ৮ বছৰে গ্ৰাছৰুটছ আৰু যুৱ ফুটবল উন্নয়নত নিয়মিতভাৱে আত্মনিয়োগ কৰাৰ পাছত এই একাডেমীটো আৰম্ভ হৈছে আৰু আমাৰ বহুদিনৰ সপোন পূৰণ হ’ল ৷”
তেওঁ আশা প্ৰকাশ কৰে যে এই একাডেমীয়ে কিশোৰ খেলুৱৈসকলক অধ্যয়নত বাধা নহাকৈ পেছাদাৰী ফুটবলাৰ হোৱাত সহায় কৰিব৷ ডেকাই এই একাডেমী স্থাপনত সহায় কৰিবলৈ আগবাঢ়ি অহা বাবে কাজিৰঙা ইংলিছ একাডেমী কৰ্তৃপক্ষক ধন্যবাদ জনায়৷ জিচিএফচিৰ আন এগৰাকী সঞ্চালক ডৰিক ৰঞ্জন ডেকাই কয় যে, “অসমৰ প্ৰথমটো বেবী লীগ গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ সফলতাৰে তিনিটা ছিজন সমাপ্ত কৰা, পাঁচটা অনা আৱাসিক একাডেমী পৰিচালনা কৰা আৰু ক্লাব তথা ৰাজ্যৰ বাবে বহু ফুটবলাৰ গঢ় দিয়াৰ পাছত আমি অনুভৱ কৰিলোঁ যে শিক্ষা আৰু ফুটবলৰ মাজত ভাৰসাম্য থকা এটা আৱাসিক একাডেমীৰ আৱশ্যক।” সেইবাবে এই একাডেমীৰ কথা চিন্তা কৰা হ’ল আৰু আজি কাজিৰঙা ইংলিছ একাডেমীৰ সহযোগত এয়া সফল হৈছে৷
জিচিএফচিয়ে অতি শীঘ্ৰে মহানগৰীত আৰু দুটা অনা আৱাসিক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিব বুলি তেওঁ কয়৷ আন এগৰাকী সঞ্চালক কৌশ্তৱ চক্রৱৰ্তীয়ে কয়, “এই একাডেমীত এএফচি/এআইএফএফ লাইচেঞ্চধাৰী প্ৰশিক্ষক আৰু অভিজ্ঞ ষ্টাফৰ তত্ত্বাৱধানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।” তেওঁ কয় যে এই পাঠ্যক্ৰম শিক্ষা আৰু ফুটবল দুয়োটা ক্ষেত্রৰ চাহিদা পূৰণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। তেওঁ জনায় যে একাডেমীত নামভৰ্তিৰ বাবে মুকলি নামভৰ্তি আৰু ট্ৰায়েল দুয়োটাৰে ব্যৱস্থা থাকিব৷ কাজিৰঙা ইংলিছ একাডেমী কৰ্তৃপক্ষই জনায় যে, জিচিএফচি একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুলৰ সকলো উন্নত সুবিধা যেনে ফুটবল ফিল্ড, হোষ্টেল, ছুইমিং পুল, জিম, আধুনিক শ্ৰেণীকক্ষ ইত্যাদি উপলব্ধ থাকিব।
তেওঁলোকে কয়, “আমাৰ বিদ্যালয় ক্রীড়া বিকাশত সদায় আগ্ৰহী, আৰু এই একাডেমীটোৰ বাবে জিচিএফচিৰ সৈতে সহযোগিতা কৰি আমি গৰ্বিত।” উল্লেখ্য যে অহা মে’ মাহত আগ্ৰহী খেলুৱৈ আৰু অভিভাৱকৰ বাবে ট্ৰায়েল আৰু কেম্পাছ ভিজিটৰ ব্যৱস্থা কৰা হ’ব বুলি জিচিএফচি কৰ্তৃপক্ষই জনায়৷ ২০০৮ আৰু ২০১৫ৰ ভিতৰত জন্ম লাভ কৰা শিশু এই একাডেমীত ২০২৫-২৬ বৰ্ষৰ বাবে নামভৰ্তিৰ বাবে যোগ্য হ’ব৷