কলগাছিয়া, ২৫ ছেপ্টেম্বৰঃ বৰপেটাৰ কলগাছিয়াত অসম সমন্বয় সাহিত্য পৰিষদ আৰু হেল্পলাইন ফাউণ্ডেচনৰ যৌথ উদ্যোগত সাংবাদিকৰ সুৰক্ষা, সাংবাদিক গৌৰী লংকেশ আৰু শান্তনু ভৌমিকক মুক্ত হত্যাৰ বিৰুদ্ধে কলগাছিয়া নিম্ন বুনিয়াদী বিদ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। অসম সমন্বয় সাহিত্য পৰিষদৰ সভাপতি জাহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছানে। সভাত অতিথি হিচাপে উপস্থিত থাকি যুৱ সমাজ কৰ্মী শ্বহিদুল ইছলাম, ৰফিকুল ইছলাম, মহৰ আলীৰ লগতে অসম সমন্ব সাহিত্য পৰিষদৰ সম্পাদক প্ৰধান শাহানুৰ ইছলামে সাংবাদিক সকলৰ নিৰাপত্তা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। বিশিষ্ট লেখক তথা সাংবাদিক গৌৰী লংকেশ আৰু শান্তনু ভৌমিকক মুক্তভাৱে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা হয়৷ লগতে সংবাদিক দুগৰকাকীৰ হত্যাৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱা হয়৷