বাঘবৰ, ২৫ ছেপ্টেম্বৰঃ ৰাজ্যত জাতি মাটি ভেটিৰ নামলৈ দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে নৈৰ গৰাখহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰা নাই নৈপৰীয়া সাধাৰণ জনতা ভেটিৰ মাটি, কৃষিভূমি। যাৰ ফলত নৈৰ  গৰাখহনীয়াত বিলীন হৈছে ইখনৰ পিছত সিখনকৈ স্বাধীনতা পূৰ্বৰ পুৰণি গাওঁ। শেহতীয়াকৈ বৰপেটাৰ বাঘবৰ সমষ্টিৰ মানচিত্ৰৰ পৰা হেৰাই গৈছে স্বাধীনতাৰ পূৰ্বৰ পুৰণি কলীয়া মৰাভাজ গাঁও। প্ৰাপ্ত তথ্য মতে, বিগত কেবামাহ ধৰি বাঘবৰৰ মৰাভাজত অব্যাহত থকা বেঁকী নৈৰ গৰাখহনীয়াই শেহতীয়াকৈ কালৰূপ ধাৰণ কৰি গাওঁখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি আৰু শতাধিক কৃষিভূমি উছন কৰিছে। যাৰ ফলত খহনীয়াগ্ৰস্ত পৰিয়ালসমূহৰ  মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। থকা ঠাইৰ অভাৱত বহু পৰিয়ালে ৰাজপথৰ লগতে খেতি পথাৰৰ মাজতে আশ্ৰয় ল’বলগীয়া হৈছে। কিন্তু মৰাভাজবাসীৰ দুৰৱস্থাৰ বুজ ল’বলৈ বৰ্তমানলৈ অঞ্চলটোত উপস্থিত নহ’ল স্থানীয় বিধায়ক শ্বেৰমান আলী তথা জিলা প্ৰশাসনৰ লোক৷ স্থানীয় লোকে মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱাল আৰু জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ভুক্তভোগী পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ আহ্বান জনাইছে।