বিলাসীপাৰা, ৪ মেঃ ধুবুৰী নহয় সমগ্র অসমতে অভিনৱ কৌশলেৰে চলিছে থলুৱা মাছৰ নিধন যজ্ঞ৷ মৎস আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ ফাঁচী জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰিও এনে দুষ্কাৰ্য অব্যাহত ৰাখিছে৷ ইয়াৰে আঠুৱা জাল ইমান ক্ষতিকাৰক যে এনে জালৰ স্পৰ্শত অগণন পোণা মাছৰ মৃত্যু হোৱাৰ লগতে জলাশয়ত মাছে এৰি দিয়া কণীৰো ক্ষতি হয়৷ ইপিনে মিছা মাছ মাৰিবলৈ অভিনৱ কৌশলেৰে নৈত বিহ মিহলোৱাৰো তথ্য পোৱা গৈছে৷ ব্ৰহ্মপুত্ৰৰ বোৱতী পানী সংলগ্ন খাৱৈ বা কম সোঁতযুক্ত দ পানীত বজাৰত পোৱা ছুপাৰ কিলাৰ, ওস্তাদ আদি কীটনাশক বোকা মাটিৰ সৈতে মিহলাই দুষ্ট চক্ৰই পানীত ছটিয়াই দিয়ে৷ ক্ষন্তেক পাছতেই বিষক্ৰিয়াৰ প্ৰভাৱ পৰা এলেকাত থকা মিছা মাছবোৰ পানী এৰি মাটিত উঠিবলৈ চেষ্টা কৰে৷ নিৰ্দিষ্ট এলেকাটোৰ পূৰ্বৰে পৰা আপেক্ষা কৰি থকা লোকে মিছা মাছবোৰ বুটলি লয়৷ অৱশিষ্ট মাছবোৰ তাতেই মৰি  পচি যায় বা পানীৰ সোঁতত নৈত পুনৰ উটি যায়৷ বিহ প্ৰয়োগ কৰা এলেকাটোত পৰৱৰ্ত্তী তিনি সপ্তাহলৈকে কোনো ধৰণৰ মাছৰ আগমন দেখা পোৱা নাযায়৷ এফালে আঠুৱা জালৰ প্ৰভাৱ আনফালে কীটনাশকৰ প্ৰয়োগৰ ফলত ব্ৰহ্মপুত্ৰ থলুৱা মাছৰ বিপন্নপ্ৰায় অৱস্থা হৈছে৷ থলুৱা মাছৰ প্ৰতি চৰম ভাবুকি হিচাপে দেখা দিয়া এই দুটা বস্তু বন্ধ কৰিব নোৱাৰিলে এসময়ত অসমৰ থলুৱা মাছৰ বিলুপ্তি ঘটিব সেয়াও নুই কৰিব নোৱাৰি৷ মাছৰ সুৰক্ষা তথা উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যত মীন বিভাগৰ লগতে মীন আইন আছে যদিও বিভাগটোৰ নিষ্কৰ্মা মনোভাবৰ কাৰণে ৰাজ্যত থলুৱা মাছৰ বিলুপ্তপ্ৰায় অৱস্থা হোৱা বুলি ৰাজহুৱা অভিযোগত উত্থাপন হৈছে৷ এনে পৰিস্থিতিত চৰকাৰ তথা মীন বিভাগে ব্ৰহ্মপুত্ৰ থলুৱা মাছৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে দেখা যাব৷