লংকা, ৪ মেঃ নৱ বিবাহিতা সংগীতা কৌৰৰ আত্মহত্যাৰ উচিত তদন্তৰ দাবীত সদৌ অসম শিখ সন্থাৰ লংকাৰ আঞ্চলিক গোটৰ লগতে লংকা বাডচ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় পাঁচ শতাধিক লোকে বিশাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰি লংকা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় উত্তাল কৰি তোলে৷ ঘটনাৰ বিৱৰণী মতে, প্ৰায় পাঁচ মাহ পূৰ্বে লামডিঙৰ ছৰবজিৎ বেদীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল লংকাৰ সংগীতা কৌৰৰ৷ ছৰবজিৎ ব্যৱসায় সূত্ৰে গুৱাহাটীৰ সুন্দৰপুৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল। প্ৰথম অৱস্থাত সংগীতাৰ পৰিয়ালক যৌতুকত নালাগে বুলি কোৱা ছৰবজিৎৰ পৰিয়ালে বিয়াৰ পাছত যৌতুকৰ বাবে সংগীতাৰ ওপৰত মানসিক আৰু শাৰিৰীক অত্যাচাৰ চলায়। স্বামী গৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি শেষত সংগীতাই আত্মহত্যাৰ পথ বাচি লয়। শুক্ৰবাৰে নিশা স্বামীগৃহত এটি কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সংগীতা কৌৰৰ মৃতদেহ। ঘটনাৰ সন্দৰ্ভত সংগীতাৰ স্বামী ছৰবজিৎক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। সংগীতাৰ পৰিয়ালৰ লোকে কৰা অভিযোগ মতে সংগীতাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড। অন্য ছোৱালীৰে থকা পৰকীয়া প্ৰেমৰ বাবে ছৰবজিতে যৌতুকৰ নামত সংগীতাক অত্যাচাৰ কৰাৰ ফলত অৱশেষত সংগীতাই আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হয় বুলি সংগীতাৰ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে৷