সৰভোগ, ১৪ জুলাইঃ সৰভোগৰ সাগৰ ঘোষে ফেশ্বন জগতত অভূতপূৰ্ব সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰভোগ নিবাসী স্বপন ঘোষ আৰু মণিকা ঘোষৰ পুত্ৰ সাগৰ ঘোষে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ মুম্বাইত বালাজী ফিল্মছত সহ পৰিচালক হিচাপে যোগদান কৰে। পৰৱৰ্তী সময়ত সাগৰ সৰভোগলৈ ঘূৰি আহি শৰীৰ চৰ্চা আৰু মডেলিঙত ব্যস্ত হৈ পৰে। সম্প্ৰতি সাগৰে মেগা মিষ্টাৰ নৰ্থ ইষ্ট-১৭ অংশগ্ৰহণ কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ ডেলিউড মিষ্টাৰ ইণ্ডিয়া-১৭ৰ চূড়ান্ত পৰ্য্যায়লৈ নিৰ্বাচিত হৈ সাগৰে শীৰ্ষ দহত নিজৰ স্থান নিশ্চিত কৰিছে।