বশিষ্ঠ, ১৩ জুলাইঃ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত সাতদিনীয়া গ্ৰীষ্মকালীন সাংবাদিকতা কৰ্মশালাৰ আজি সামৰণি পৰে। মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি অসমৰ সংবাদ জগতৰ লগত জড়িত বিভিন্ন কাকত তথা টেলিভিছনৰ সম্পাদক, উপ সম্পাদক, সাংবাদিকৰ পৰা সাংবাদিকতাৰ বিভিন্ন দিশৰ সম্পৰ্কে জ্ঞান লাভ কৰে। বশিষ্ঠ প্ৰেছ ক্লাবৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই কৰ্মশালাৰ যোগেদি সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পাঠ্যপুথিত নথকা বহু কথা জানিবলৈ সক্ষম হয় বুলি অংশগ্ৰহণকাৰী সকলে জানিবলৈ দিয়ে। বশিষ্ঠ প্ৰেছ ক্লাবৰ সম্পাদক দীপাংকৰ ডেকাই জানিবলৈ দিয়ে যে, পোন প্ৰথমবাৰৰ আয়োজিত কৰা এই কৰ্মশালাত ৩২ জন ছাত্ৰ-ছাত্রীয়ে অংশগ্ৰহণ কৰে যদিও ভৱিষ্যতলৈ এই কৰ্মশালাত অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। বশিষ্ঠ প্ৰেছ ক্লাবৰ সভাপতি নিতুল ডেকাই জানিবলৈ দিয়ে যে, এই কৰ্মশালা আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে সাংবাদিকতাৰ শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকল যাতে ইয়াৰ যোগেদি উপকৃত হয়।