ওদালগুৰি, ২০ নৱেম্বৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি জিলাখনৰ হৰিশিঙা থানাৰ অন্তৰ্গত যোৰাপুখুৰীত দ খালত পৰি এটা বনৰীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু হয়৷ পুৱতি নিশা এটি হাতীৰ জাকে গাঁওখনৰ এটি ডাঙৰ নলা অতিক্রম কৰি চাহ বাগিচাত প্ৰৱেশৰ চেষ্টা চলাওতেই প্ৰায় এবছৰীয়া হাতী পোৱালিতো নলাত পৰি যোৱাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়৷ পাছত স্থানীয় ৰাইজে বহু পলমকৈ মৃত হাতী পোৱালিক প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে৷