মাৰ্ঘেৰিটা, ২০ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ লেখাপানীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লংটঙৰ অসমৰ লেখত ল’বলগীয়া দ্বিতীয় বিশ্ব যুদ্ধৰ সমাধি ক্ষেত্র৷ বিগত বছৰ ধৰি পৰি ৰোৱা সমাধি ক্ষেত্রখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি তুলিবলৈ বিজেপি চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰায় ১৭ লাখ টকা আৱণ্টিত ধনেৰে এই সমাধি ক্ষেত্রখন নিৰ্মাণৰ কথা জানিবলৈ দিয়ে ডিব্ৰুগড়ৰৰ সাংসদ ৰামেশ্বৰ তেলীয়ে৷ ইতিমধ্যে যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে যদিও ৰাইজৰ মাজত কেতিয়া মুকলি কৰা হ’ব এই কথা অৱগত কৰা নাই৷ লগতে ভগ্নাংশ অৱস্থাত পৰি ৰোৱা প্ৰতিজন বীৰ শ্বহীদৰ ফলক সমূহ সজাই পৰাই ৰখাৰ ক্ষেত্রত গুৰুত্ব প্ৰদান কৰিব এই কথা জানিবলৈ দিয়ে৷ এই কাৰ্যসূচীত উপস্থিত আছিল মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্ম্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ৰবীন কেউট, মাৰ্ঘেৰিটা মহকুমাধিপতি বিক্ৰম কৈৰী আৰু লগত আছিল বহু গণ্য-মান্য ব্যক্তি৷