ছৰফৰাজ খান, গুৱাহাটী, ১৮ জুনঃ হিন্দীত এষাৰ কথা আছে ‘ছুই জাহাপে কাম আয়ে ৱাহ কিয়া কৰে তালৱাৰ’ অৰ্থাৎ য’ত বেজিৰে কাম কৰিব পাৰি তাত তৰোৱালৰ কি কাম? এইষাৰ কথাকে প্ৰমাণ কৰিবলৈ দ্বীপৰ বিলৰ পাৰত কেইগৰাকীমান মহিলাই হাতত বেজিলৈ নামি পৰিছে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ যুদ্ধত। যি সময়ত জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰ তথা বেচৰকাৰী সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়তে এই মহিলাসকলে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে সজাগতা চলাইছে বেজিৰ মাধ্যমেৰে। মহুৰা হৈ ঘূৰিছে এই মহিলাসকলে মন আৰু তাঁতশালত দেখিছে স্বাৱলম্বী হোৱাৰ সপোন। দ্বীপৰ বিলৰ পাৰত মনোমোহা প্ৰাকৃতিক পৰিবেশৰ মাজত অসম চৰকাৰ আৰু এজেঞ্চ ফ্ৰান্সিছ দি ডেভেলপমেণ্টৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেৰণাৰশ্বিপ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ উদ্যোগত মহিলাসকলৰ দক্ষতা বিকাশ বাবে আয়োজন কৰা হৈছে তিনিমাহ জোৰা দক্ষতা বিকাশ শিবিৰ৷ এই শিবিৰত ভাগ লৈছে দীপৰ বিলৰ লগতে কাষৰীয়া অঞ্চলৰ ষাঠি গৰাকীতকৈও অধিক যুৱতী-মহিলায়ে৷ শিবিৰত যুৱতী-মহিলাসকলক দিয়া হৈছে তাঁতশালত কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চিলাইৰ প্ৰশিক্ষণ।  দক্ষতা বিকাশেই নহয়, ইয়াৰ সমান্তৰালকৈ বনাঞ্চল আৰু জৈৱ বৈচিত্ৰতা ৰক্ষাৰ সজাগতাৰ বাবে এওঁলোকে গ্ৰহণ কৰিছে অভিনৱ পন্থা। এই মহিলাসকলে তাঁতশালত বোৱা কাপোৰেৰে তৈয়াৰ কৰে বিভিন্ন ধৰণৰ সাজ-পোছাক, বেগ আৰু কুঁচন কভাৰ৷ তেওঁলোকে মৰাপাটেৰেও তৈয়াৰী কৰে বিভিন্ন ধৰণৰ সামগ্ৰী৷ প্ৰতিটো কাপোৰ আৰু মৰাপাটৰ বেগত তেওঁলোকে আকৰ্ষণীয় ডিজাইন এম্ব্ৰইডাৰী কৰে৷ এই আকৰ্ষণীয় ডিজাইনবোৰৰ মাজত ‘‘গ’ গ্ৰীণ’’ অংকন কৰি তেওঁলোকে জনসাধাৰণৰ মাজত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ বাৰ্তাও প্ৰেৰণ চেষ্টা কৰিছে৷ যিসময়ত চৰকাৰে লাখ লাখ টকা খৰছ কৰি বনাঞ্চল তথা জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ চেষ্টা অব্যাহত ৰাখিছে, সেইসময়তে এই মহিলাসকলে সাধাৰণ এটা বেজিৰ মাধ্যমেৰে নিজকে স্বাৱলম্বী কৰাৰ লগতে নামি পৰিছে বনাঞ্চল সংৰক্ষণৰ যুদ্ধত৷ এই মহিলাসকলৰ এনে প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে৷