সোণাপুৰ, ১৮ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা কাৰ্বি জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱা উদ্দেশ্যে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এখনি নৱাগতা আদৰণি আৰু বছৰেকীয়া চা-চিনাকী সভাৰ আয়োজন কৰা হয়৷ কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সভাখনৰ পতাকা উত্তোলন কৰে সন্থাৰ কামৰূপ মহানগৰ সমিতিৰ সভাপতি গণকান্ত কাৰ্টাৰে আৰু স্মৃতি তৰ্পন কৰে ৰমেশ ৰাংহাঙে৷ ইয়াৰ পিছতে গণকান্ত কাৰ্টাৰৰ পৌৰাহিত্যত অনুষ্ঠিত হয় নৱাগতা ছাত্ৰ-ছাত্ৰীৰ চিনাকী পৰ্ব৷ সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দ্বিপেন বৰুৱা, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতি, কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰত্নেশ্বৰ ৰংহাং, সন্থাৰ কেন্দ্ৰীয় সভাপতি মহন্ত টুমুং, বিশিষ্ট কন্ঠশিল্পী চেমচন ইংতিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা জনগোষ্ঠীটোৰ কেবাশতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে৷ তেওঁলোকক কাৰ্বি পংহৰ লগতে মানপত্ৰ আৰু বিশেষ উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়৷