গুৱাহাটী : অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ উচ্চ ন্যায়ালয়ৰ জাননী। ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ সমূহৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈও উচ্চ ন্যায়ালয়ৰ জাননী।

বিগত সময়ছোৱাত ৰাজ্যত সংঘটিত হৈ থকা এনকাউণ্টাৰ সমূহৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ জাননী জাৰি কৰিছে। এনকাউণ্টাৰ সমূহৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত হোৱা এক শুনানীত এই জাননী জাৰি কৰে উচ্চ ন্যায়ালয়ে।

ৰাজ্যৰ সকলো এনকাউণ্টাৰ সন্দৰ্ভত হোৱা শুনানীত আটাইকেইটা পক্ষকে উচ্চ ন্যায়ালয়ে শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে আটাইকেইটা পক্ষক শপতনামা দাখিলৰ বাবে ৪ সপ্তাহৰ সময় দিছে। পূৰ্বে উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল।

উচ্চ ন্যায়ালয়ে ১১ জানুৱাৰীত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত শপতনামা দাখিল কৰাৰ পিছত শুকুৰবাৰে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এক শুনানী গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ ফালৰ পৰা দাখিল কৰা শপতনামাত এনকাউণ্টাৰ সন্দৰ্ভত বিস্তৃত বিবৰণ নাই।

উল্লেখ্য যে ৰাজ্যত সংঘটিত হোৱ এনকাউণ্টাৰ সমূহ ভুৱা বুল এনকাউণ্টাৰ সমূহৰ বিস্তৃত বিবৰণ বিচাৰি অধিবক্তা আৰিফ জৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ স্বাৰ্থ জনিত আৱেদন দাখিল কৰিছিল। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এনকাউণ্টাৰ সমূহৰ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল।