নগাঁও : হয়বৰগাঁৱৰ ডকাইতিকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ চাঞ্চল্যকৰ ডকাইতিৰকাণ্ডৰ লগত জড়িত এজনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম ৰাজহুৱা কৰা নাই।

নগাঁও চহৰৰ মাজমজিয়া হায়বৰগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ তদন্ত চলাই নগাঁও আৰক্ষীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও আৰক্ষীয়ে ডকাইতিকাণ্ডটোৰ লগত জড়িত থকা এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতজনক চাৰি দিনৰ বাবে নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশা নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱত মনোজ বোথ্ৰা নামৰ এজন ব্যৱসায়ীৰ ঘৰত ৮ জনীয়া এটা ডকাইতৰ দলে ডকাইতকাণ্ড সংঘটিত কৰিছিল৷ ৮ জনীয়া ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ পৰিয়ালৰ লোকক বান্ধি মাৰপিট কৰি লুটি নিছিল নগদ নগদ ধনসহ লক্ষাধিক টকাৰ অলংকাৰ।

এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ অনুসন্ধান ক্ষীপ্ৰতাৰে চলাই আৰক্ষীয়ে এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ডকাইতজনক চাৰি দিনৰ বাবে নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে ডকাইতজনৰ নাম এতিয়াও ৰাজহুৱা কৰা নাই। ডকাইতজনক মাৰাথান জেৰা চলাই আছে আৰক্ষীয়ে।