বোকাজান : এইবাৰ ড্ৰাগছ সৰবৰাহৰ বাবে জলপথ ব্যৱহাৰ। ড্ৰাগছ সৰবৰাহকাৰীয়ে স্থলপথ এৰি ড্ৰাগছ সৰবৰাহ বাবে জলপথ ব্যৱহাৰ কৰিছে। জলপথেৰে অসমলৈ ড্ৰাগছ লৈ প্ৰৱেশ কৰা দুজন বহিঃৰাজ্যৰ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযানত জব্দ হৈয়ে আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। অসমক ড্ৰাগছমুক্ত কৰাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ উঠিছে অসম আৰক্ষী।

অসমক ড্ৰাগছমুক্ত কৰাৰ লগতে অসমৰ ভূমিৰে যাতে কোনো কাৰণতে ড্ৰাগছ সৰবৰাহৰ নহয় ইয়াৰ প্ৰতিটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যে বহিঃৰাজ্যৰ বহু ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাই অসম আৰক্ষীয়ে জব্দ কৰিছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছ।

অসমৰ স্থলপথেৰে ড্ৰাগছ সৰবৰাহ কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰাত বহিঃৰাজ্যৰ ড্ৰাগছ সৰবৰাহকাৰী সকলে এইবাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে অসমৰ জলপথ। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা জলপথেৰে ড্ৰাগছ লৈ অহা নাগালেণ্ডৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাইছে আৰক্ষীয়ে।

কাৰ্বি আংলংগ জিলাৰ বোকাজানআৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নাগালেণ্ডৰ পৰা ধনশিৰী নদীৰে নাৱত ড্ৰাগছ লৈ অহা নাগালেণ্ডৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে বস্তাত ভৰাই অনা ৮৫ টা ড্ৰাগছ ভৰ্তি বাকচ জব্দ কৰে আৰক্ষীয়ে।

জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১ কেজি ৪০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলিও অনুমান কৰে আৰক্ষীয়ে। বোকাজান আৰক্ষীৰ জালত পৰা নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী দুজন ডিমাপুৰৰ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।