গুৱাহাটী, ২৩ নৱেম্বৰ: অসমৰ ভূ-খণ্ড সুৰক্ষিত কৰি ৰখাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আৰু এন এছ চি এম (আই এম)ৰ মাজত নাগালিম সম্পৰ্কত হোৱা নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰি ৰাজ্যখনত শান্তি আৰু সুস্থিৰতা অক্ষত ৰাখিবলৈ ঐক্য সেনা অসমে গুৱাহাটী মহানগৰ সিমিতৰ উদ্যোগত আজি ২৩ নৱেম্বৰ তাৰিখে দ্বিতীয় দিনাও দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত আজি অভিনয় জগতৰ উজ্জ্বল নক্ষত্ৰ চিৰসেউজ অভিনেতা ‘বিজু ফুকন’ৰ আত্মাৰে সদগতিৰ অৰ্থে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সংস্কৃতিৰ পূজাৰী মহা তাৰকা বিজু ফুকনৰ অসমবাসীৰ প্ৰতি থকা অৱদান প্ৰতিটো মুহূৰ্তত ঐক্য সেনা অসমে হৃদয়াংগম কৰিব। ‘ভৱিষ্যতে অসমৰ ভৌগলিক সুস্থিৰতা ৰক্ষাৰ লক্ষৰে ঐক্য সেনা অসমে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নগা চুক্তিৰ প্ৰাৰম্ভিক কাম-কাজৰ সবিশেষ তথ্য ৰাজহুৱা কৰক’। ‘গোলাঘাটকে ধৰি উজনি অসমৰ বিভিন্ন জিলাত নগাৰদ্বাৰা দখল হোৱা অসমৰ ভূমি উদ্ধাৰৰ তাৎক্ষণিক ব্যৱস্থা কৰক’। ‘সীমান্তত নগাৰ আতিশয্য বন্ধ কৰি অসমীয়া মানুহৰ জীৱন-জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰক’। ‘অৰুণাচল আৰু মেঘালয়ৰদ্বাৰা দখলিকৃত ভূমি উদ্ধাৰ কৰি দীৰ্ঘদিন ধৰি পাশৱিক নিৰ্যাতনৰ সন্মুখীন হৈ অহা সীমান্তবাসীৰ অসমীয়া গঞাক স্বাভাৱিক জীৱন-যাপনৰ সুযোগ দিয়ক’। ‘অসমক অন্ধকাৰত ৰাখি কেন্দ্ৰই নগাৰ সৈতে কৰা চুক্তিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক’।– আদি দবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে দিনৰ ১১ বজাত দীঘলীপুখুৰীৰ পাৰত অসমৰ ভিন্ন প্ৰান্তৰপৰা অহা সংগঠনটোৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন আদি লৈ ‘তেজ দিন মাটি নিদিও’, ‘অসমৰ ভূমিৰ নগাৰ বেদখল মুক্ত কৰক’, ‘চুঙাজান এম ভি পঞ্চায়তৰ বৃহৎ এলেকা সামৰি নাগালেণ্ড প্ৰশাসনে স্থাপন কৰা মহকুমা কাৰ্যালয় গৃহ শীঘ্ৰে উচ্ছেদ কৰক’ আদি শ্লোগান দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক শীঘ্ৰেই সীমা সমস্যা সমাধান কৰিবলৈ উপায়ুক্তৰ জৰিয়তে এই দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ববহন কৰা ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ মহন্ত, কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক ছহিদুল ইছলাম, মুখ্য মুখপাত্ৰ কমল কুমাৰ, ৰাজ্যিক মহিলা সভাপতি ভূষিতা কাশ্যপ, সম্পাদিকা উৰ্মিমালা দেৱী, ছাত্ৰ ঐক্য সেনা অসমৰ সভাপতি অছিছ জাহান হক, সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ আদিয়ে অংশগ্ৰহণ কৰি অসমৰ ভূ-খণ্ড সুৰক্ষিত কৰিব নোৱাৰা জাতি-মাটি-ভেঁটিৰ ৰক্ষাৰ শপতগ্ৰহণেৰে বিজেপি চৰকাৰক ককৰ্থনা কৰে।