ডিগবৈ, ২৩ নৱেম্বৰ: ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই প্ৰতিবাদ । তিনিদিনৰ পূৰ্বে শ্ৰী কৃষ্ণ চাহ বাগিচা পৰিচালক উমেশ ত্যাগীক অপহৰণৰ চেষ্টা আৰু বাগিচা কলঘৰ বন্ধ কৰাৰ ভাবুকি প্ৰদানৰ বাবে অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখা সমিতি আৰু বাগিচা শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে ৰাজপথ। চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সভাপতি গৌতম ধানোৱাৰৰ নেতৃত্বত বাগিচাখনৰ পৰা এক সমদল উলিয়াই প্ৰায় আঠ কিলোমিটাৰ পথ এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই টিংৰাইত এই পথ অৱৰোধ কৰে।