লাউডোবা, ২৩ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ সীমান্তৱৰ্তী গোৱালপাৰাৰ লাউডোবা অঞ্চলত জল সংকটক ভুগিছে হাজাৰ হাজাৰ ৰাইজ। দুবছৰ ধৰি চৰকাৰী পানী যোগান আঁচনি বন্ধ হৈ থকাৰ ফলত গাঁওবাসীয়ে খাল, বিল আৰু কুঁৱাৰ লেতেৰা পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱাত হাতত খালি পাত্ৰ লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে পুৰুষ মহিলা৷ বৰষুণ কমি অহাৰ লগে লগে ৰাজ্য একাংশ অঞ্চলত দেখা দিয়ে জল সংকট৷ নগৰবেৰাৰ সমীপৰ গোৱালপাৰা জিলাৰ লাউডোবাতো ঘৰত থকা দমকলত, কুঁৱা ক্ৰমাৎ শুকাবলৈ ধৰাত অঞ্চলটোত দেখা দিছে জাল সংকট। যাৰ ফলত অঞ্চলটোৰ কেইবাশতাধিক পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ অভাৱত ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা ৷ খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া অঞ্চলবাসী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈ পৰিছে অঞ্চলবাসী কিন্তু পানী যোগান আচঁনিও যোৱা দু বছৰ ধৰি বন্ধ হৈ থকাৰ ফলত অঞ্চলবাসী এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এদিন দুদিন নহয়। জহিখহি গৈছে পানী যোগান আঁচনিৰ গৃহ, নষ্ট হব ধৰিছে যন্ত্ৰপাতিবোৰ আৰু হাবি জংঘলে আবৰি ধৰাত চৰকাৰী পানী যোগান আঁচনিৰ পৰিসৰ। জল সংকটত ভোগা ৰাইজে বাৰম্বাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষত অৱগত কৰোৱাৰ পিছতো কোনো সুফল নাপাই অঞ্চলটোৰ পুৰুষ মহিলা সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। লাউডোবা বাসীৰ এই প্ৰতিবাদে চকু খোল খুৱাব পাৰিব নে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ? নজৰ পৰিবনে পৰিবৰ্তনকামী চৰকাৰৰ? এয়া ভুক্তভোগী ৰাইজৰ লাখটকীয়া প্ৰশ্ন ৷