নিউজ ডেস্ক, ২৫ নৱেম্বৰ: যোৱা কিছুদিন ধৰি ৰাজ্যৰ লগতে সমগ্ৰ দেশত অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘কেন্সাৰ পাপৰ ফল’ বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত সংবাদ মাধ্যমত প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি ক্ষমা খুজিবলৈ বাধ্য হোৱাৰ পিছত পুনৰ মন্ত্ৰীগৰাকীয়ে কৰা এক মন্তব্যই সংবাদ মাধ্যমত শিৰোনামা দখল কৰিলে। নতুন দিল্লীত ‘ দ্য লাষ্ট বেতেল অৱ শৰাইঘাট’ নামৰ এখন কিতাপ উন্মোচনী অনুষ্ঠানত ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্বাধীনতা সংগ্ৰামৰ বাখ্যা কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে ‘কনকলতা বৰুৱা চতিয়া আৰক্ষী থানাত ত্ৰিৰঙ্গা উত্তোলন কৰিব গৈ ইংৰাজৰ গুলিত শ্বহীদ হৈছিল আৰু ইংৰাজৰ গুলিত নিহত হৈ যেতিয়া কনকলতা বৰুৱা মাটিত ঢলি পৰিছিল তেতিয়া ত্ৰিৰঙ্গা মাটিত পৰাৰ পৰা বচাবলৈ গৈ ইংৰাজৰ গুলিত নিহত হৈছেল মুকুন্দ বৰ্মন’৷ কিন্তু আচলতে কনকলতা বৰুৱা চতিয়াত থানাত নহয় গহপুৰ থানাত ত্ৰিৰঙ্গা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল আৰু কনকলতা বৰুৱাৰ বৰুৱাৰ লগত শ্বহীদ হোৱা ব্যক্তিজন মুকুন্দ বৰ্মন নহয় মুকুন্দ কাকতি আছিল। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে নিজৰ এই ভুলৰ ক্ষমা বিচাৰে৷