দেৰগাঁও, ২৫ নৱেম্বৰ: দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তগৰ্ত দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়ত এলেকাৰ, চাবুকধৰা আলিৰ পৰা কুকুৰাপহীয়া, পহুছোৱা পৰা মহিমা চোমনি সংযোগী গড়কাপ্তনি পথ দুটি আজি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত, পকীকৰণৰ কাম দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালীৰ উপস্থিতিত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শুভাৰম্ভ কৰে৷ এই অনুষ্ঠানতে দেৰগাঁও গড়কাপ্তানি উপ সংমণ্ডলৰ অভিযন্তা, দক্ষিণ-পূব কাকডোঙাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী, সচিব অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰেশ গগৈ, অগপ দেৰগাঁও সমষ্টিৰ কমিটিৰ সম্পাদক প্ৰৱিত্ৰ ভূঞাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উপস্থিত ৰাইজে বিধ্বস্ত পথ দুটি শেহতীয়াকৈ পকীকৰণ কৰিবলৈ লোৱাত স্থানীয় বিধায়কৰ লগতে সাংসদগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ পথ শুভাৰাম্ভ অনুষ্ঠানৰ পিছতেই কাকডোঙা বেজগাঁও ৰাজহুৱা সভাঘৰ প্ৰাংগণত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে৷