বাঘবৰ ৬ ছেপ্টেম্বৰঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শোইলমাৰীত বেঁকী নদীৰ ভয়াৱহ গৰাখহনীয়া অব্যাহত আছে। প্ৰাপ্ত তত্য মতে, শোলমাৰীত বেঁকী নদীয়ে কালৰূপী ধাৰণ কৰি শতাধিক বাসগৃহ উছন কৰাৰ পিছত পকী পথসমূহ নৈখনৰ ভয়াৱহ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম হৈছে৷ যাৰ কাৰমে বৰ্তমান অঞ্চলটোৰ যাতায়াত ব্যাহত হৈ পৰিছে। মইনবড়ী, হাদিৰাচকী, তাৰাকান্দি, জয়পুৰ, নিজ মইনবড়ী, হাতছাৰাকে ধৰি প্ৰায় ত্ৰিশ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ ব্যস্ত পকী পথটো যাতায়াত ব্যাহত হোৱাত  ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত গড়কাপ্তানি বিভাগেও নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰে অঞ্চলটোৰ ৰাইজে। বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষামহল, কৃষকে জিলা উপায়ুক্তক অঞ্চলটো পৰিদৰ্শন কৰি গৰাখনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।