কলগাছিয়া ৬ চেপ্তেম্বৰঃ বৰপেটাৰ অন্তৰ্গত সৰভোগৰ ভুলুকাডোবাত পুৱা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, ভুলুকাডোবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃভ্ৰমণত যোৱা তিনি গৰাকী মহিলাক তীব্ৰ বেগী ট্ৰাক পিছোফালৰ পৰা মহতিয়াই লিয়ে৷ ট্ৰাকৰ খুন্দাত নিৰূবালা দাস নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে শল্য নাথ আৰু অনিমা নাথ নামৰ মহিলা দুগৰাকী গুৰুতৰভাৱে আহত হয়৷ স্থানীয় লোকৰ সহযোগত আহত মহিলা দুগৰাকীক ততাতৈয়াকৈ বৰপেটা চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। চিকিৎসালয়ত শল্য নাথ নামৰ আন গৰাকী মহিলাৰো মৃত্যু হয়। অনিমা নাথ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।