Sibani Saikia

গুৱাহাটী : পুনৰ প্ৰশ্ন কাকত ফাদিল। সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam) দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত হয়। দ্বিতীয় দিনা গণিতৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পোন্ধৰ মিনিট পিছত প্ৰশ্ন কাকত ফাদিল হয়। পৰীক্ষা চলি থকাৰ মাজতে গণিতৰ প্ৰশ্নকাকতখনৰ কেইখনমান ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

গণিতৰ প্ৰশ্ন কাকত কাছাৰ জিলাৰ পৰা ফাদিল হোৱাৰ লগতে প্ৰশ্নকাকতৰ ছবিসমূহ লক্ষীমপুৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰশ্ন কাকত ফাদিল হোৱাকলৈ কাছাৰ শিক্ষা বিভাগৰ ফলৰ পৰা এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নাই। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সূত্ৰ অনুসৰি কাছাৰ জিলাৰ গণিৰগ্ৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা গণিতৰ প্ৰশ্ন কাকতখন ফাদিল হোৱা বুলি জানিব পৰা গৈছে। ইফালে পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে বস্তাই বস্তাই নকল উদ্ধাৰ হৈছে উক্ত বিদ্যালয়খনত। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণিগ্ৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অনিয়ম হোৱা প্ৰতিখন বিদ্যালয়তে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো পৰীক্ষাৰো প্রশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰথম দিনৰ প্ৰশ্নকাকত বৰপেটা জিলাৰ পৰা ফাদিল হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ছেবাৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰক নৰনাৰায়ণ নাথে প্ৰশ্ন কাকত ফাদিল হোৱাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনক মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছিল। শিক্ষামন্ত্ৰী ৰণোজ পেগুয়েও প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা মিছা বুলি সামাজিক মাধ্যমত অৱগত কৰিছিল।