Conrad Sangma : দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

নিউজ ডেস্ক : পুনৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই (Conrad Sangma)। ৰাজধানী শ্বিলংত ৰাজভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানে শপত গ্ৰহণ কৰোৱা অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীও উপস্থিত থাকে।

মঙলবাৰে মেঘালয়ত গঠন হয় নতুন চৰকাৰৰ। দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। শপত গ্ৰহণ অনুষ্ঠানত মঞ্চত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। ২০১৮ চনত প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল কনৰাড চাংমাই। কনৰাড চাংমাৰ লগতে ১২ জনকৈ মন্ত্ৰীক শপত গ্ৰহণ কৰায় ৰাজ্যপাল ফাগু চৌহানে।

এন পি পি নেতৃত্বাধীন মেঘালয়ৰ মিত্ৰজোঁটৰ নতুন চৰকাৰখনত উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে স্নিয়াৱভালাং ধৰ আৰু প্ৰেষ্টন টেনছং। শইকীয়ালিয়াৰ বাজৰী, আবু তাহাৰ মণ্ডল, কিৰমেন শিলা, মাৰ্কাছ এন মাৰাক আৰু ৰক্কাম এ চাংমাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এইসকলৰ উপৰিও আলেকজেণ্ডাৰ লালু হেক, ডাঃ এমপ্ৰিন লিংডো, পল লিংডো আৰু কমিংন ইয়াম্বনেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

মেঘালয়ত এন পি পি, ইউ ডি পি, বিজেপি আৰু এইচ এছ পি ডি পিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছে। ইয়াৰ পূৰ্বে এন পি পি নেতৃত্বাধীন মিত্ৰজোঁটে বিজেপিৰ দুজন বিধায়ককে ধৰি ৪৫ জন বিধায়কৰ সমৰ্থনত চৰকাৰ গঠনৰ দাবী জনাইছিল। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত এনপিপিৰ মুৰব্বী কনৰাড কে চাংমাৰ এন পি পি দলে ২৬ খন আসনত জয়লাভ কৰে।

আনহাতে নাগালেণ্ডত লিখা হৈছে এক ইতিহাস। ৰাজ্যখনত ৬০ বছৰৰ ভিতৰত প্ৰথমগৰাকী মহিলা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে হেখানী জাখলু আৰু ছালহৌতুওনুও ক্ৰুছে। এই পৰ্যন্ত ৰাজ্যখনত ১৩ খন বিধানসভা হৈছে। ইয়াৰ পূৰ্বে কেতিয়াও ৰাজ্যখনত মহিলাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ গৌৰৱ লাভ কৰা নাছিল।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu