আজিজ আলী

মুকালমুৱা : মবাইলৰ গেমৰ বাবে পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। নলবাৰীৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। মবাইলত গেম খেলিব নিদিয়াৰ বাবেই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ চৰম সিদ্ধান্ত।

মবাইলৰ গেমৰ বাবে বিভিন্ন সময়ত বিভিন্ন অঘটন সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা যদি মবাইলত গেম খেলি পিতৃ-মাতৃৰ বেংক একাউন্ট খালি, কেতিয়াবা পিতৃ-মাতৃয়ে মবাইলত গেম খেলিবলৈ বাধা দিলে ঘৰ এৰি পলায়ন।

এইবাৰ কিন্তু মবাইলত গেম খেলিবলৈ বাধা দিয়াৰ বাবে এজন ছাত্ৰই চৰম সিদ্ধান্ত লৈ পেলালে। এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱা মাদলবড়ীত। মোবাইলত গেম খেলিব নাপাই আত্মহত্যা কৰিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই।

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনক মোবাইলত গেম খেলিবলৈ মোবাইল নিদিয়াৰ বাবে আত্মহত্যা কৰে। পূব বৰক্ষেত্ৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ ১২ বছৰীয়া এই ছাত্ৰজনক পিতৃয়ে মবাইলত গেম খেলি থকা দেখা পাই বাধা প্ৰদান কৰিছিল।

পিতৃয়ে ছাত্ৰজনক অনলাইন পাঠগ্ৰহণ কৰাৰ বাবে মবাইল ব্যৱহাৰ কৰিব দিছিল যদিও ছাত্ৰজনে অনলাইন পাঠগ্ৰহণৰ লগতে মবাইলত গেম খেলিছিল। গেম খেলাত বাধা প্ৰদান কৰাত ছাত্ৰজনে নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে।